দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ ভাৰত-বাংলাদেশ সীমান্তৰ পৰা আৰক্ষী আৰু বিএছএফে পৃথক পৃথক অভিযান চলাই ৮ টা গৰু জব্দ কৰে। মানকাচৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ আধাৰত বুধবাৰে নিশা প্ৰায় ১২.৩০ বজাত ভাৰত-বাংলাদেশ সীমান্তবৰ্তী গাঁৱত অভিযান চলায়। গৰু সৰবৰাহকাৰীয়ে বাংলাদেশ সীমান্তৰ ফালে ৬ টাকৈ গৰু নি থাক অৱস্থাত আৰক্ষীয়ে গৰু কেইটা জব্দ কৰে।

আৰক্ষীৰ অভিযানত গৰু কেইটা জব্দ হয় যদিও আৰক্ষীক দেখি সৰবৰাহকাৰী পলায়ন কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে গৰু কেইটা জব্দ কৰি খোৱাৰাত জমা কৰিছে। একেদৰে মানকাচৰৰ ঝালৰচৰ বিএছএফ কেম্প এলেকাৰ পৰা বিএছএফে আন এক অভিযান চলাই সীমান্তৰ পৰা ২ টা গৰু জব্দ কৰে। গৰু ২ টা কাঁইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি পাৰ কৰিবলৈ চেষ্টা চলাওঁতে বিএছএফে গৰু ২ টা জব্দ কৰে যদিও আন্ধাৰৰ সুযোগ লৈ সৰবৰাহকাৰী পলায়ন কৰে।

লগতে পঢ়ক :  আৰক্ষী বিষয়াৰ বদলিকলৈ অসন্তুষ্ট ৰাইজৰ প্ৰতিবাদ

উল্লেখ্য যে মানকাচৰৰ নদী সীমান্তৰ সমান্তৰালভাৱে কাঁইটীয়া তাঁৰৰ বেৰ থকা সীমান্তত কাঁইটীয়া তাঁৰৰ ওপৰেদি বাঁহেৰে নিৰ্মিত ঢেকীৰ সহযোগত বাংলাদেশলৈ গৰু সৰবৰাহ কৰি কৰে গৰু সৰবৰাহকাৰীয়ে।বুধবাৰে নিশা জব্দ কৰা গৰু কেইটাৰ ডিঙিত বিশেষ ধৰণৰ ৰছী বন্ধা আছিল। এই ৰছীত ঢেকী লগাই সুযোগ বুলি সীমান্তৰে বাংলাদেশলৈ গৰু সৰবৰাহ কৰে বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply