তামুলপুৰ : বাক্সা জিলাৰ তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ শান্তিপুৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ। মাটিত পুতি থোৱা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে অস্ত্ৰখিনি। মাটিত অস্ত্ৰ লুকুৱাই থোৱাৰ সন্দেহত আটক কেইবাজানো লোকক।

তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ শান্তিপুৰৰ দৰঙা নদীৰ পাৰত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ। তামুলপুৰ মহকুমা আৰক্ষী বিষয়া অসীমা কলিতা আৰু তামুলপুৰৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দ্বীপেন কলিতাৰ নেতৃত্বত চলা এক অভিযানৰ অন্তত উদ্ধাৰ হৈছে মাটিত পুতি থোৱা অস্ত্ৰখিনি।

আৰক্ষীয়ে উদ্ধাৰ কৰা অস্ত্ৰ ভাণ্ডাৰত আছে ১০ টা হেণ্ড গ্ৰেণেড, ৬ টা সজীৱ গুলীসহ নাইন এম এম পিষ্টল, ১ টা এ কে ৪৭ ৰাইফলৰ মেগজিন, ২৩৫ টা এ কে ৪৭ ৰাইফলৰ সজীৱ গুলী, ৯ টা লিভাৰ, ৩ টা আৰু ১ টা।দেওবাৰে পুৱতি নিশা তিনি বজাৰ পৰা তামুলপুৰ আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই অস্ত্ৰখিনি মাটিৰ তলৰ পৰা উদ্ধাৰ কৰে।

লগতে পঢ়ক :চামগুৰি আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ ব্যৱসায়ী

ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে চাৰিজনকৈ লোকক আটক কৰিছে। অস্ত্ৰখিনি কাৰ এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু আৰক্ষীৰ তদন্তৰ পিছতে পোহৰলৈ আহিব পাৰে বহু তথ্য। উল্লেখ্য যে দুদিন পূৰ্বে তামুলপুৰত ইউ পি পি এলৰ এজন নেতাৰ ঘৰৰ সন্মুখত নিশাৰ ভাগত দুৰ্বৃত্তই গুলী চালনা কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply