গুৱাহাটী : অসম লোকসেৱা আয়োগৰ কেলেংকাৰীৰ পুনৰ তদন্ত হ’ব। জালিয়াতিৰে চাকৰি লোৱা বহু বিষয়া পুনৰ জালত পৰাৰ সম্ভাৱনা। বর্তমান ২০১৩ বর্ষৰ অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত জালিয়াতিৰে চাকৰি লোৱা ২১ জন প্ৰাৰ্থীক জেৰাৰ বাবে প্ৰস্তুতি চলোৱা হৈছে।
২০১৩ বর্ষৰ অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ এই ২১ জন প্ৰাৰ্থীৰ উত্তৰ বহী আৰু টেবুলেশ্বনত নম্বৰৰ তাৰতম্যতা পোৱা গৈছে। ফলত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বতাধীন তদন্ত আয়োগ এই ২১ গৰাকী প্ৰাৰ্থীক জেৰা চলাবলৈ সাজু হৈছে।
ইতিমধ্যে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাই এই ২১ গৰাকী প্ৰাৰ্থীক জেৰাৰ বাবে তলব কৰা জাননীত স্বাক্ষৰ কৰিছে। জাননী লাভ পৰাৰ ১৫ দিনৰ ভিতৰত এই প্ৰাৰ্থী সকল আয়োগৰ ওচৰত হাজিৰ হ’ব লাগিব।
লগতে পঢ়ক : ৰূপহীহাটত স্বামীৰ আক্ৰমণত নিহত তিনি সন্তানৰ মাতৃ
জানিব পৰা মতে এই ২১ জন প্ৰাৰ্থীৰ ভিতৰত আছে এজন অৱসৰপ্ৰাপ্ত শীৰ্ষ আৰক্ষী বিষয়াৰ পুত্ৰ। সাংবাদিকৰ ভাতৃ আৰু আত্মীয়ৰ লগতে এগৰাকী মহিলা আৰক্ষী বিষয়াও আছে তালিকাখনত।
উল্লেখযোগ্য যে ২০১৩-১৪ বর্ষ দুটাৰ তিনি শতাধিক পৰীক্ষার্থীৰ উত্তৰ বহী পুনৰীক্ষণ কৰা হ’ব৷ ইয়াৰে ২০২ খন ২০১৩ বর্ষৰ আৰু ১৫৯ খন ২০১৪ বর্ষৰ৷ লক্ষণীয় যে ২০১৩ বর্ষত মুঠ ২৪১জন প্রার্থী উত্তীর্ণ হৈছিল৷
তাৰে জালিয়াতি কৰি চাকৰি লোৱাৰ বাবে যোৱাবাৰ ৩৯জনক গ্রেপ্তাৰ কৰা হৈছিল৷ আনহাতে ২০১৪ বর্ষত ১৮০জন প্রার্থী উত্তীর্ণ হৈছিল৷ তাৰে জালিয়াতি কৰি চাকৰি লোৱাৰ বাবে ২১জনক গ্রেপ্তাৰ কৰা হৈছিল৷