গোৱালপাৰা : পুনৰ পুখুৰীৰত পৰিল ছটাকৈ বনৰীয়া হাতী। গোৱালপাৰাত বনাঞ্চলত পৰা ওলাই অহা ছটাকৈ বনৰীয়া হাতী পুনৰ পৰিল পুখুৰীত। নিশাৰ ভাগৰ পৰাই বনৰীয়া হাতী কেইটা পুখুৰীত আৱদ্ধ হৈ আছে।
গোৱালপাৰা জিলাত চৌবাৰীত পুখুৰীত আৱদ্ধ ছটাকৈ বনৰীয়া হাতী। নিশা খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা হাতী ছটা চৌবাৰীত পুখুৰীত পৰি আৱদ্ধ হৈ পৰে।
জানিব পৰা মতে অঞ্চলটোত এটা বৃহৎ বনৰীয়া হাতীৰ জাক বিগত কিছুদিন ধৰি বিচৰণ কৰি আছে। হাতীৰ জাকটোৰ পৰা ছটা বনৰীয়া হাতী নিশা পুখুৰীত পৰি যায়। ছটা হাতীৰ ভিতৰত পোৱালি হাতী থকা বুলিও জানিব পৰা গৈছে।
লগতে পঢ়ক : আজিৰ দিনটোত ৰাজ্যত বিভিন্ন পথ দূৰ্ঘটনাত ১০জনৰ মৃত্যু
স্থানীয় ৰাইজে বন বিভাগক খবৰ দিছে যদিও বন বিভাগৰ লোক ঘটনাস্থলীত বৰ্তমানলৈকে উপস্থিত হোৱা নাই বুলি জানিব পৰা গৈছে। উল্লেখ্য যে একে স্থানতে বুধবাৰে নিশাও পাঁচটাকৈ বনৰীয়া হাতী পুখুৰীত পৰিছিল।