কাছাৰঃ ৰাজ্য়জুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা হোজাইৰ ফুলতলীৰ মডেল হস্পিতালৰ চিকিৎসক-নাৰ্ছক আক্ৰমণৰ ঘটনাৰ মাৰ নাযাওঁতেই পুনৰ স্বাস্থ্যকৰ্মীক আক্ৰমনৰ ঘটনা সংঘটিত হৈছে।
এইবাৰ কাছাৰৰ কালাইন সিন্দুৰা চাহ বাগিছাত সংঘটিত হৈছে এই ঘটনা। কোভিড টেষ্টৰ স্থানক লৈ সৃষ্টি হৈছে এই সংঘাত। কালাইন এফআৰইউৰ এদল স্বাস্থ্য কৰ্মীৰ ওপৰত আক্ৰমণৰ চেষ্টা।
ঘটনা অনুসৰি, যি স্থানত থাকে সেই স্থানলৈ আহি স্বাস্থ্য কৰ্মী সকলক কোৰোনাৰ পৰীক্ষা কৰিবলৈ শ্ৰমিকসকলে কৈছিল, কিন্তু স্বাস্থ্য কৰ্মীয়ে এক নিৰ্দিষ্ট স্থানলৈ কোভিড টেষ্টৰ বাবে চাহ শ্ৰমিকসকলক মাতি পঠিয়াই। লগতে পঢ়কঃহোজাইত চিকিৎসক-নাৰ্ছক আক্ৰমণৰ ঘটনাৰ লগত জড়িত ২৪জনক গ্ৰেপ্তাৰ
চাহ শ্ৰমিকসকলৰ একাংশই কোভিড টেষ্ট কৰাই যদিও, আন একাংশই টেষ্ট কৰিবলৈ অমান্তি হয়। ইয়াকে লৈ দুয়ো পক্ষৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়।
ইয়াৰ পিছতেই বাগিছাখনৰ শ্ৰমিক সকলৰ কোভিড টেষ্ট কৰি হস্পিতাললৈ উভতি অহাৰ সময়তে স্বাস্থ্য কৰ্মী সকলক আক্ৰমণৰ চেষ্টা কৰে এদল উদণ্ড যুৱকৰ দলে।
এই সন্দৰ্ভত কালাইন এফআৰইউৰ মুৰব্বী ডাঃ সুমন ভৌমিকে আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰে। চিকিৎসক গৰাকী গোচৰৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে চাৰিজনক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা লোক কেইজন ক্ৰমে- অজয় মিৰ্ধা, বিপন তেলী, বাবুল ওৰাং আৰু মধু তেলী।
ইফালে, চাহ বাগিছাখনৰ শ্ৰমিকসকলে আটক কৰা শ্ৰমিক কেইজনক মুক্তি দিয়াৰ দাবী উত্থাপন কৰিছে।