হাফলঙ : কিছুদিন পূৰ্বে ডিমা হাচাও জিলাৰ দিয়ুংমূখ আৰক্ষী চকীৰ অন্তৰ্গত ৰেঞ্জাৰ বিলত দুৰ্বৃত্তই নিৰ্বিচাৰে গুলীচালনা কৰাৰ লগতে অগ্নিসংযোগ কৰি পাঁচখন ট্ৰাক সম্পূৰ্ণৰূপে ভস্মীভূত কৰিছিল। এই ঘটনাত পাঁচজনকৈ নিৰীহ ট্ৰাকচালকক নৃশংসভাৱে হত্যা কৰা হৈছিল। পুনৰ অনুৰূপ ধৰণৰ ঘটনা সংঘটিত হৈছে জিলাখনত।

দিয়ুংমূখ ঘটনাত আতংক মাৰ নৌযাওঁতেই পুনৰ জিলাখনত দুৰ্বৃত্তই তিনিখন ট্ৰাকত অগ্নিসংযোগ কৰাৰ বাতৰি পোৱা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি জিলাখনৰ সদৰ চহৰ হাফলঙৰ পৰা প্ৰায় ডেৰশ কিলোমিটাৰ নিলগৰ অসম-মেঘালয় সীমান্তৰ উমৰাংছ’ৰ লৈবাং এলেকাৰ নামচা গাঁৱত কোনো অজ্ঞাত দুৰ্বৃত্তই পাইন গছভৰ্তি তিনিখন ট্ৰাকত অগ্নিসংযোগ কৰা বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক :  বিয়াৰ ন বছৰৰ পাছত পত্নীৰ সৈতে বিচ্ছেদ ঘটিল ক্ৰিকেটাৰ শিখৰ ধাৱানৰ

উল্লেখযোগ্য যে অসম-মেঘালয় সীমান্তৱৰ্তী উক্ত এলেকাটোত দীর্ঘদিন ধৰি অবৈধভাৱে পাইন গছ কাটি সৰবৰাহ কৰাৰ অভিযোগ উত্থাপিত হৈ আছে। বন বিভাগে অলপতে অভিযান চলাই চোৰাং কাঠ সৰবৰাহ কৰা ট্ৰাককেইখন জব্দ কৰি গাঁওখনত ৰাখি থোৱা বুলি জানিব পৰা গৈছে। অতিকে ভিতৰুৱা এলেকাত সংঘটিত হোৱা উক্ত ঘটনাত ক্ষয়ক্ষতিৰ সবিশেষ এতিয়ালৈকে জানিব পৰা হোৱা নাই। আৰক্ষীৰ এটা দল উক্ত স্থানত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply