কুমাৰীকাটা : বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটাৰ বৈগুৰীবাৰী গাঁৱত ভয়ংকৰ ঘটনা। কুমাৰীকাটা আৰক্ষী চকীৰ অন্তৰ্গত আঙাৰকাটাৰ বৈগুবীবাৰীত এজন লোকক ডাইনী সজাই গাঁওখনৰ এচাম পুৰুষ-মহিলাই চলায় আক্ৰমণ।সোমাবাৰে দিনৰ ভাগত গাঁওখনত ৰাইজে সভা পাতি বীৰেন বড়ো নামৰ এজন লোকক ডাইনী সজাই লাঠীৰে আক্ৰমণ কৰে।

ঘটনাৰ খবৰ পাই কুমাৰীকাটা আৰক্ষী চকীৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু আৰক্ষী উপস্থিত হোৱাৰ পিছতে অধিক উত্তেজিত হৈ পৰে গাঁওখনৰ একাংশ ৰাইজ। আৰক্ষীয়ে বীৰেণ বড়ো নামৰ লোকজনক উদ্ধাৰ কৰি লৈ অহাৰ সময়তে স্থানীয় লোকে আৰক্ষী বিষয়া নিলভজ্যোতি নাথক আক্ৰমণ কৰাৰ লগতে আৰক্ষী বিষয়াগৰাকীৰ গাড়ীতো শিলগুটি আৰু লাঠীৰে আক্ৰমণ কৰি গাড়ীখনৰ বিস্তৰ ক্ষতি সাধন কৰে।

লোকজনক আৰক্ষীয়ে উদ্ধাৰ কৰি কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসাধীন অৱস্থাত বীৰেন বড়ো নামৰ লোকজনৰ মৃত্যু হয়। ইফালে স্থানীয় লোকে বীৰেন বড়োৰ ঘৰ দুৱাৰ ভাঙি লণ্ডভণ্ড কৰে। বীৰেন বড়োৰ পৰিয়ালৰ অন্য সদস্য সকল কথমপি প্ৰাণ ৰক্ষা কৰি পলায়ন কৰিবলৈ সক্ষম হয়। খবৰ পাই তামুলপুৰ মহকুমা আৰক্ষী বিষয়া অসীমা কলিতা, তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দ্বীপেন কলিতা, দণ্ডাধীশ ৰূপকমল ৰাভা পুনৰ উপস্থিত হয় ঘটনাস্থলীত।

লগতে পঢ়ক : মৰ্ত্যত লকডাউন, ১৫০ গৰাকীতকৈ অধিক অতিথি লৈ আকাশত বিয়া পাতিলে এইহাল দৰা-কইনাই

স্থানীয় ৰাইজে দণ্ডাধীশৰ উপস্থিতিতে পুনৰ আৰক্ষীক আক্ৰমণ কৰে আৰু তাৰ পিছতে অধিক উত্তেজনাই বিৰাজ কৰে সমগ্ৰ গাঁওখনত। ফলত আৰক্ষীয়ে উন্মত্ত জনতাক চত্ৰভংগ দিয়াবলৈ লাঠী চালনা কৰিবলৈ বাধ্য হয়। ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত পাঁচ গৰাকী লোকক আটক কৰি সোধাপোছা অব্যাহত ৰাখিছে। সমগ্ৰ ঘটনাক লৈ এতিয়া তীব্ৰ চাঞ্চল্য আৰু আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে অঞ্চলজুৰি।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply