নিউজ ডেস্কঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি ‘অগ্নিপথ ভৰ্তি যোঁজনা’ৰ ঘোষণা কৰে। এই যোঁজনাৰ দ্বাৰা দেশৰ যুৱক-যুৱতীসকলে সম্পূৰ্ণ ৪ বছৰৰ বাবে দেশক সেৱা কৰাৰ সুযোগ লাভ কৰিব।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে- যোৱা কেইবা বছৰ ধৰি দেশৰ নিৰাপত্তা অধিক সুনিশ্চিত কৰাৰ বাবে বহু ব্যৱস্থা গ্ৰহণ কৰি অহা হৈছে। আৰু ভাৰতীয় সেনাক বিশ্বৰ আটাইতকৈ শক্তিশালী সেনা হিচাপে গঢ় দিয়াৰ বাবে অগ্নিপথ যোঁজনা ঘোষণা কৰা হৈছে।

লগতে তেওঁ কয় যে- এই অগ্নিপথ যোঁজনাৰ জৰিয়তে নিবনুৱা সমস্যাও কিছু হ্ৰাস পাব। এই অগ্নিপথত বাঁচনি হোৱা সকলক অগ্নিবীৰ পৰিচয় প্ৰদান কৰা হ’ব আৰু ইয়াৰ দ্বাৰা জিডিপিৰ ক্ষেত্ৰতো অৱদান প্ৰদান কৰা হ’ব।

যিসকলে এই যোঁজনাৰ জৰিয়তে দেশৰ সেৱা কৰিব বিচাৰে তেওঁলোক শাৰীৰিক আৰু মানসিকভাৱে সম্পূৰ্ণ সুস্থ হ’ব লাগিব। উল্লেখ্য যে, অগ্নিপথ যোঁজনাৰ অন্তৰ্গত যিসকলক বাচনি কৰা হ’ব তেওঁলোকক ৬ মাহৰ প্ৰশিক্ষণৰ পাছত বাকী ৩ বছৰ ৬ মাহ সেনাত ভাল পৰিমানৰ বেতনত চাকৰি প্ৰদান কৰা হ’ব। উল্লেখ্য যে, এই আঁচনিত যোগদান কৰিবলৈ বয়সৰ সময়সীমা ১৭.৫ বছৰৰ ২১ বছৰৰ ভিতৰত হ’ব লাগিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply