গুৱাহাটীঃ দেশজুৰি ‘অগ্নিপথ’ আঁচনিক লৈ চলি থকা প্ৰতিবাদৰ মাজতে শুকুৰবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে এক বিশেষ ঘোষণা। ‘অগ্নিবীৰ’ সকলে অসম আৰক্ষীত পোনপটীয়াকৈ নিযুক্তি লাভ কৰিব। অৰ্থাত ‘অগ্নিবীৰ’ সকলে চাৰিবছৰীয়া কাৰ্যকাল সমাপ্ত কৰাৰ পিছত অসম আৰক্ষীত পোনে পোনে কৰ্মসংস্থাপনৰ সুবিধা লাভ কৰিব।

মুখ্যমন্ত্ৰীয়ে শুকুৰবাৰে এক সংবাদমেলত এই সন্দৰ্ভত উল্লেখ কৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে ‘অগ্নিপথ’ৰ পৰা ‘অগ্নিবীৰ’ হিচাপে যিসকল ওলাই আহিব, যদি তেওঁলোক অসমৰ বাসিন্দা হয় আমি তেওঁলোকক আমাৰ আৰক্ষীত চাকৰি দিম। গতিকে তেওঁলোকৰ সেনাৰ অভিজ্ঞতা থাকিব আৰু সেনাৰ প্ৰশিক্ষণ লৈ তেওঁলোক অসম আৰক্ষীৰ যোগদান কৰিব পাৰিব। লগতে তেওঁ কয় যে অসম আৰক্ষীত প্ৰতি বছৰে অসম চৰকাৰে ৩০০০তকৈ অধিক লোকক নিযুক্তি দিয়ে, গতিকে অগ্নিপথ আঁচনিৰ পৰা ওলাই অহা সকলো অগ্নিবীৰকে নিযুক্তি দিয়া হ’ব। অৱশ্যে নিযুক্তিৰ ক্ষেত্ৰত কোনো মাপকাঠী নাথাকিব বুলি উল্লেখ কৰি তেওঁ কয় যে ৬০ বছৰ বয়সলৈকে অগ্নিবীৰ সকলে অসম আৰক্ষীত চাকৰি কৰিব পাৰিব।

লগতে পঢ়কঃকেন্দ্রীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু আছাম ৰাইফলছত নিযুক্তিৰ বাবে ১০ শতাংশ পদ অগ্নিবীৰৰ বাবে সংৰক্ষিত কৰাৰ কথা ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply