বোকাখাত- ৰাজ্যত বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলৰ নেতাসকলৰ লগতে সদস্য সকলৰ মাজতো চলিছে দল বাগৰাৰ ৰাজনীতি ৷
এটা দলৰ পৰা আন এটা দললৈ যোৱাৰ বাবে যেন চলিছে অঘোষিত প্ৰতিযোগিতা ৷
সমষ্টিয়ে সমষ্টিয়ে দেখা গৈছে দল ত্যাগ কৰি আন দলত যোগদান কৰাৰ দৃশ্য।
বোকাখাতত আজি ৰাইজৰ দলৰ মুখ্য আহ্বায়ক, সম্পাদক মনোজ গগৈয়ে অগপত যোগদান কৰে।
অগপ সভাপতি অতুল বৰাৰ বাসগৃহত আনুষ্ঠানিক যোগদান কৰে নেতাগৰাকীয়ে।
নেতাগৰাকীৰ লগতে আছুৰ শতাধিক কৰ্মী, কংগ্রেছ, আপ, বোকাখাত নিৰ্মাণ গোটৰ বহু সদস্যয়েও অগপত যোগদান কৰে।
আনহাতে ২১ মাৰ্চত অগপৰ সভাপতি অতুল বৰাৰ হৈ বোকাখাতৰ কমাৰগাৱঁৰ মহুৰা পথাৰত এক বিশাল নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷
প্ৰধানমন্ত্ৰীৰ জনসভাৰ বাবে সভাগৃহৰ কাষতেই তিনিখনকৈ হেলিপেড নিৰ্মাণ কৰি থকা হৈছে ৷
মঞ্চ,বেৰিকেড আদি নিৰ্মাণ কৰাত দিনে নিশাই ব্যস্ত হৈ আছে লোকসকল ৷ বোকাখাট সমষ্টিত মহুৰা পথাৰতে এক প্ৰকাৰৰ ৰণডংকা বজাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।