গুৱাহাটী – ২০১৬ চনৰ বিধানসভা নিৰ্বাচনতকৈ এইবাৰ আসনৰ সংখ্যা হ্ৰাস নহয় অসম গণ পৰিষদৰ। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ইংগিত অসম গণ পৰিষদক ২০১৬ চনতকৈ অধিক আসন এৰি দিব বিজেপিয়ে। আসনৰ বুজাবুজিকলৈ ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ মাজত অব্যাহত আছে বৈঠক। বুধবাৰে আবেলিৰ ভাগত সকলো স্পষ্ট হৈ পৰিব।
ভাৰতৰ নিৰ্বাচন আয়োগে অসম বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ পিছতে নিৰ্বাচনকলৈ অধিক তৎপৰ হৈ পৰিছে ৰাজনৈতিক দল সমূহ। এফালে যদি নিৰ্বাচনকলৈ কঁকালত টঙালি বান্ধিছে শাসকীয় বিজেপিৰ মিত্ৰজোঁটৰ দল সমূহে আনফালে আকৌ বিজেপিক এইবাৰ শাসনৰ গাদীৰ পৰা আঁতৰাই ৰাখিবলৈ বিৰোধী কংগ্ৰেছৰ নেতৃত্বত গঠন হৈছে মহাজোঁট বন্ধন।
বিজেপিৰ মিত্ৰজোঁট আৰু কংগ্ৰেছৰ মহাজোঁট নিৰ্বাচনী যুঁজৰৰ বাবে প্ৰস্তুত যদিও এতিয়াও আসনকলৈ বুজাবুজি হোৱা নাই শাসকীয় আৰু বিৰোধী শিবিৰৰ দল সমূহৰ মাজত। শাসকীয় বিজেপিয়ে ইতিমধ্যে অসম গণ পৰিষদৰ লগত আসনৰ বুজাবুজিৰ আলোচনা আৰম্ভ কৰিছে।
ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ আসন বুজাবুজিকলৈ চলি থকা আলোচনা সন্দৰ্ভত মত প্ৰকাশ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইংগিত দিয়ে যে ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত অসম গণ পৰিষদে যি কেইখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল এইবাৰ অসম গণ পৰিষদৰ আসনৰ সংখ্যা তাতকৈ হ্ৰাস নাপায়। দল দুটাৰ মাজত চলি থকা আলোচনা ৯৫ শতাংশ ইতিবাচক বুলিও মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে।
বুধবাৰে আবেলিৰ ভাগত ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ মাজত আসন বুজাবুজিকলৈ চলি থকা আলোচনা চূড়ান্ত হ’ব বুলিও প্ৰকাশ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বুধবাৰে আসন বুজাবুজিকলৈ অসম গণ পৰিষদৰ লগত বিজেপিৰ কেন্দ্ৰীয় সভাপতি জে পি নড্ডা আৰু গৃহমন্ত্ৰী অমিত শ্বাহ আলোচনাত মিলিত হ’ব বুলিও জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে।