নিউজ ডেস্ক: অসম ঔদ্যোগীকৰণৰ ক্ষেত্রত আগবাঢ়ি যাবলৈ আৰু এখোজ সক্ষম হৈছে।

শনিবাৰে জনতা ভৱনৰ সভাকক্ষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতি অইল ইণ্ডিয়া লিমিটেড (OIL) আৰু অসম গেছ কোম্পানী লিমিটেড (AGCL) -ৰ মাজত এটা নতুন যৌথ উদ্যোগ কোম্পানী নির্মাণৰ বাবে বুজাবুজিৰ চুক্তি(MoU) স্বাক্ষৰ সম্পন্ন হয়।

যৌথ উদ্যোগ স্থাপনৰ মুখ্য উদ্দেশ্য হৈছে ৰাজ্যখনত ফছিল ইন্ধনৰ ঠাইত সেউজ ইন্ধনৰ ব্যৱহাৰ, CNG ষ্টেচন স্থাপন তথা পাইপ যোগে মানুহৰ ঘৰ আৰু কাৰখানালৈ ইন্ধন যোগানৰ দিশত আগবঢ়া ৷

এই ব্যৱস্থাপনাই ৰাজ্যখনত প্ৰদূৰ্ষণৰ মাত্ৰ কমোৱাৰ লগতে জীৱনধাৰণৰ মান যথেষ্ট পৰিমাণে উন্নীত কৰিব।

অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেবিনেট মন্ত্ৰী বিমল বৰ, জয়ন্ত মল্ল বৰুৱা, AGCL -ৰ অধ্যক্ষ শ্রী বলিন চেতিয়া, OlL -ৰ CMD ৰঞ্জিৎ ৰথ আৰু অন্যান্য গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

লগতে পঢ়ক – কেবিনেট সিদ্ধান্ত: ৫খন মিনি ITIৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ ৩% কৈ বেতন বৃদ্ধি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply