মৰাণ: কৃষক ৰাইজক সকাহ দিয়াৰ নিমিত্ৰে মৰাণৰ সমীপৰ খোৱাঙত আজি সেউজ কৃষি উৎপাদক কোম্পানী লিমিটেড নামেৰে এটা কাৰ্যালয় মুকলি কৰা হয় । কৃষিৰ সৈতে জড়িত সকলক এই কোম্পানীটো আৰম্ভ কৰিছে অঞ্চলটোৰ কৃষকেই।

বৃহত্তৰ খোৱাং অঞ্চলত উৎপাদন হোৱা ৰঙালাও সমূহ আন্তঃৰাষ্ট্ৰীয় বজাৰৰলৈকে লৈ যোৱা উদ্দেশ্য আগত ৰাখি এই কোম্পানীটো মুকলি কৰা হয় । কোম্পানীটোৱে প্ৰথম পৰ্যায়ত উৎপাদিত ৰঙালাওক টাৰ্গেট হিচাপে লৈছে যদিও পিছৰ পৰ্যায়ত কৃষক সকলে উৎপাদন কৰা প্ৰায় বিলাক ৰবি শস্যকে এখন উপযুক্ত বজাৰ দিয়াৰ চেষ্টা অব্যাহত ৰাখিব ।

সম্পূৰ্ণ জৈৱিক পদ্ধতিয়ে উৎপাদন কৰা ফচল সমূহক সামৰি ল’ব এই কৃষি উৎপাদক কোম্পানীটোৱে । আজি এই উদ্দেশ্যে খোৱাঙত এখন সভাও অনুষ্ঠিত হয় । গুৰুত্বপূৰ্ণ সভাখনত ডিব্ৰুগড় জিলা উপাযুক্ত বিশ্বজিৎ পেগু, জিলা কৃষি বিষয়া, নাবাৰ্ডৰ বিষয়ববীয়া, খোৱাং খণ্ড উন্নয়ন বিষয়াকে আদি কৰি কেইবাটাও বিভাগৰ বিষয়া কৰ্মচাৰী আৰু কৃষক সকল উপস্থিত থাকে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply