মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰৰ জোৰডাঙা-কুচনীমাৰা আদৰ্শ গাঁও পঞ্চায়তত মেঘালয়ৰ গাৰো পাহাৰৰ পৰা নামি অহা পানীৰ ধলে কৃত্ৰিম বানৰ সৃষ্টি কৰাত কেইবাশতাধিক শাক-পাচলি আৰু জলকীয়াৰ খেতি কৰা কৃষকৰ ফচল বানৰ কবলত পৰি বিস্তৰ ক্ষতিৰ সম্মুখীন হ’বলগীয়া হৈছে। বিগত দুদিনীয়া ধাৰাষাৰ বৰষুণৰ ফলত চুবুৰীয়া ৰাজ্য মেঘালয়ৰ গাৰো পাহাৰৰ পৰা কালো নদীয়েদি পানীৰ ধল নামি আহি মানকাচৰৰ অৰ্ধ শতাধিক গাঁও প্লাবিত কৰি পেলাইছে।
বাট-পথ, দলং, আৰক্ষী চকীৰ লক-আপ আদি বানৰ পানীয়ে উটুৱাই নিয়াৰ লগতে ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী জোৰডাঙা-কুচনীমাৰা নামৰ সাংসদ বদৰুদ্দিন আজমলৰ আদৰ্শ গাঁও পঞ্চায়তখনৰ পশ্চিম অঞ্চল কৃত্ৰিম বানৰ কবলত পৰিছে। আদৰ্শ গাঁও পঞ্চায়তখনৰ শতকৰা প্ৰায় ৮০ শতাংশ লোক কৃষিজীৱি। এই পঞ্চায়তখনৰ কৃষক সকলে পুৱাৰ পৰা সন্ধিয়ালৈ মুৰৰ ঘাম মাটিত পেলাই পথাৰত খেতি কৰি উৎপাদন হোৱা ফচল বজাৰত বিক্ৰী কৰি উপাৰ্জনৰ ধনেৰে পৰিয়ালক পোহপাল দিয়ে।
কৃষি কাৰ্যই উপাৰ্জনৰ মূল পথ হিচাপে বাছি লোৱা কৃষক সকল বিগত প্ৰায় দুটা বছৰ ধৰি লকডাউন আৰু বানৰ ফলত লোকচানৰ সম্মুখীন হৈ আহিছে। ইয়াৰ পিছতো কৃষক সকলে পথাৰে পথাৰে পুনৰ খেতি কৰিবলৈ আৰম্ভ কৰিছে যদিও হঠাৎ দুদিনীয়া ধাৰাষাৰ বৰষুণৰ ফলত মেঘালয়ৰ পৰা গাৰো পাহাৰৰ পানীৰ ধল নামি আহি কৃত্ৰিম বানৰ সৃষ্টি কৰাত কৃষক সকলে এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে। শাক-পাচলিৰ উপৰিও আদৰ্শ গাঁও পঞ্চায়তখনৰ অধীনত থকা জলকীয়াৰ খতিয়ক সকলো এতিয়া বৃহৎ লোকচানৰ সম্মুখীন হৈছে।
লগতে পঢ়ক : ধেমাজিৰ বান নিয়ন্ত্ৰণ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰীকাৰ বিশেষ বৈঠক
শ শ বিঘা জলকীয়া খেতি কৃত্ৰিম বানৰ কবলত পৰি নষ্ট হৈ পৰাত একাঠু পানীৰ মাজৰ পৰাই কৃষক সকলে জলকীয়া উঠাবলগীয়া হৈছে। মানকাচৰৰ এই আদৰ্শ গাঁও পঞ্চায়তৰ অধীনত থকা প্ৰায় শতাধিক কৃষকৰ বিভিন্ন ধৰণৰ শাক-পাচলি, ধান, মৰাপাটৰ খতি নষ্ট হৈ পৰাৰ উপৰিও শ শ বিঘা জলকীয়া খেতি নষ্ট হৈ পৰে। ফলত কৃষক সকল বৃহৎ লোকচানৰ সম্মুখীন হ’বলগীয়া হয়।