তামুলপুৰ : শনিবাৰে তামুলপুৰ খণ্ড উন্নয়নৰ কাৰ্যালয়ত কৃষি বিভাগৰ উদ্যোগত ধান ৰোৱা-কটা মেচিন উদ্ধোধন কৰা হয়। বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ উপস্থিতিত তিনিখনকৈ অত্যাধুনিক প্ৰযুক্তিৰ কৃষি কৰ্মত ব্যৱহৃত মেচিন ক্ৰমে এখন ধান ৰোৱা, ধান কটা আৰু এখন টেক্টৰ উদ্ধোধন কৰা হয়।
উদ্ধোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে কয়ে যে বড়োলেণ্ড অঞ্চলত কৃষি ওপৰত বিশেষকৈ গুৰুত্ব দিয়া হ’ব আৰু কৃষক সকলৰ বাবে কৃষি কৰ্মত ব্যৱহৃত সকলো ধৰণৰ মেচিনৰ ব্যৱস্থা কৰি দিয়া হ’ব। উক্ত মেচিন সমুহ সকলো বোৰ ভিচিডিচি সমূহে ব্যৱহাৰ কৰিব পাৰি বুলি জানিবলৈ দিয়ে।
লগতে পঢ়ক : কাজিৰঙাৰ ষষ্ঠ সংযোজন এলেকাও বানৰ বাবে সাজু
উদ্ধোধনী অনুষ্ঠানত বিটিআৰৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাস, কাৰ্যবাহী সদস্য ৰনেন্দ্ৰ নাৰ্জাৰী, এমচিএল বিজিৎ গৌৰা নাৰ্জাৰী লগতে তামুলপুৰ খণ্ড উন্নয়ন কেইবাগৰাকী বিষয়াৰ লগতে কৃষি বিভাগৰ লোক সকলো উপস্থিত থাকে। তামুলপুৰ খণ্ড উন্নয়নৰ কাৰ্যালয়ত তামুলপুৰ মহকুমা কৃষি বিভাগৰ উদ্যোগত অনুষ্ঠিত কৰা হয় উদ্ধোধনী অনুষ্ঠান।