গুৱাহাটী : ক’ভিডত আক্রান্ত হৈছে ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰা। ক’ভিড আক্রান্ত বোকাখাত সমষ্টিৰ বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

কৃষিমন্ত্ৰী অতুল বৰাৰ শৰীৰত ক’ভিডৰ লক্ষণ দেখা দিয়াত মন্ত্রী অতুল বৰাৰ ক’ভিড পৰীক্ষা কৰোৱা হৈছিল। ক’ভিড পৰীক্ষাৰ ফলাফলত মন্ত্ৰী গৰাকী ক’ভিডত আক্রান্ত বুলি ধৰা পৰে।

লগতে পঢ়ক : নুমলীগড়ত বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যু, গুৰুতৰভাৱে আহত এজন

মন্ত্রী অতুল বৰাই তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে ক’ভিড পৰীক্ষা কৰাৰ বাবে আহ্বান জনাইছে। কিছুদিন পূৰ্বে মন্ত্ৰীগৰাকীয়ে অসম-মিজোৰামৰ সীমা বিবাদ সমাধানৰ বাবে মিজোৰামত এক আলোচনাত মিলিত হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply