প্ৰবীণ বৰুৱা, মঙলদৈ: দৰং জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত শনিবাৰে কৃষি, পশুপালন, অসম চুক্তি ৰূপায়ণ আদি বিভাগৰ মন্ত্ৰী অতুল বৰাই পি এম কিষাণ, প্ৰধানমন্ত্ৰীৰ ফচল যোজনা, মুখ্যমন্ত্ৰীৰ সমগ্র গ্ৰাম্য যোজনা আদি কৃষক সকলৰ উন্নয়নৰ বাবে দৰং জিলাত ৰূপায়িত হৈ থকা আঁচনিসমূহ পৰ্যালোচনা কৰে।
প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত কৃষকসকলে পাব লগা সুবিধাসমূহ যাতে যোগ্য হিতাধিকাৰীসকলে লাভ কৰে সেইটো সুনিশ্চিত কৰিবলৈ তেওঁ বিভাগীয় বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰে। তেওঁ পশুপালন বিভাগক তেওঁলোকৰ আঁচনি সমূহ ক্ষিপ্ৰতাৰে যথাযথভাৱে ৰূপায়ণ কৰি কৃষক সকলক ইয়াৰ সুবিধা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে।

ইয়াৰ পাছতে সাংবাদিকসকলৰ সৈতে মত-বিনিময় কৰি মন্ত্ৰীগৰাকীয়ে কয় যে- পি এম কিষাণৰ হিতাধিকাৰীৰ তালিকাসমূহ আসোঁৱাহমুক্ত কৰাৰ বাবে প্ৰচেষ্টা লোৱা হৈছে যাতে অযোগ্য ব্যক্তিয়ে এই আঁচনিৰ সুবিধা লাভ কৰিব নোৱাৰে ।
দৰং জিলাত শেহতীয়াকৈ হৈ যোৱা বান পৰিস্থিতিৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে- বানত ক্ষতিগ্ৰস্ত কৃষকসকলক ক্ষতিপূৰণ প্ৰদানৰ বাবে প্ৰচেষ্টা লোৱা হৈছে। প্ৰধানমন্ত্ৰীৰ ফচল বীমা যোজনাৰ জৰিয়তেও কৃষকসকলক সাহাৰ্য প্ৰদান কৰা হ’ব বুলি তেওঁ জনায়।
তেওঁ জিলাখনত ৰূপায়িত হৈ থকা পিএম জে এছ ৱাই, আৰ কে ভি ৱাই আদি আঁচনিৰো পৰ্যালোচনা কৰে। ইয়াৰ উপৰি দৰং জিলাত সাৰৰ যোগান নিয়মীয়া কৰাৰ বাবে বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে বুলি জানিবলৈ দিয়ে।
জিলাখনৰ কিছুমান অঞ্চলত কীটনাশক দ্ৰব্য আৰু ৰাসায়নিক সাৰৰ অত্যাধিক প্ৰয়োগৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত চোকা দৃষ্টি ৰাখিবলৈ কৃষি বিভাগক নিৰ্দেশ দিয়ে বুলি জনায় আৰু কিছুসংখ্যক সাৰৰ দোকানীৰ অনুজ্ঞাপত্ৰ ইতিমধ্যে বাতিল কৰা হৈছে বুলি জানিবলৈ দিয়ে।
আজিৰ সভাখনত কৃষি বিভাগৰ সঞ্চালক অনন্ত লাল জ্ঞানী,দৰং জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা, অতিৰিক্ত উপায়ুক্ত বিবেক শ্যাম আদিকে ধৰি সংশ্লিষ্ট বিভাগসমূহৰ মুৰব্বীসকল উপস্থিত থাকে।