ৰাজ্যত ক’ভিডৰ সংক্ৰমণ দৈনিক বৃদ্ধি পাবলৈ ধৰাৰ প্ৰতি লক্ষ্য ৰাখি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে।
আজি অনুষ্ঠিত এখন সংবাদমেলত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ দয়ানন্দ বৰগোহাঁয়ে এই কথা ঘোষণা কৰে।
পৰৱৰ্তী সময়ত পৰিস্থিতি চাই পৰীক্ষাৰ দিন ধাৰ্য কৰা হ’ব বুলি সংবাদমেলত তেওঁ উল্লেখ কৰে।
অৱশ্যে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ক্ষেত্ৰত এই পৰ্য্যন্ত কোনো সিদ্ধান্ত লোৱা হোৱা নাই বুলি আজিৰ সংবাদমেলত অধ্যক্ষ গৰাকীয়ে জানিবলৈ দিয়ে।
অহা ৪ মে’ৰ পৰা উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষ আৰু ১১ মে’ৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল।
চূড়ান্ত বৰ্ষৰ পৰীক্ষা আগৰ সূচী মতেই হ’ব নে পিছুৱাব সেই সম্পৰ্কে ৪ বা ৫ মে’ত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে প্ৰকাশ কৰিব বৰগোহাঁয়ে জানিবলৈ দিয়ে।