গুৱাহাটী : ২০২১ত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰীক্ষা নিয়ন্ত্ৰকে এক গুৰুত্বপূৰ্ণ জাননী পৰীক্ষা কেন্দ্ৰসমূহৰ ভাৰপ্ৰাপ্ত বিষয়ালৈ প্ৰেৰণ কৰিছে। এএইচএছইচি/ইএক্সবি/এইচএছ ছেকেণ্ড ইয়েৰ/২০১১৩৩ নম্বৰৰ নিৰ্দেশনা যোগে পৰীক্ষা নিয়ন্ত্ৰক পংকজ বৰঠাকুৰে পৰীক্ষা কেন্দ্ৰ সমূহৰ ভাৰপ্ৰাপ্ত বিষয়াক জনাইছে যে জুলাই-আগষ্টৰ ভিতৰত এই পৰীক্ষা অনুষ্ঠিত কৰিব।
নিৰ্দিষ্টকৈ তাৰিখ উল্লেখ নকৰিলেও সকলো পৰীক্ষা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়াসকলক ৪০০ তকৈ অধিক পৰীক্ষাৰ্থী থাকিলে ওচৰত থকা চৰকাৰী বা বেচৰকাৰী শিক্ষানুষ্ঠানকসমূহক অতিৰিক্ত পৰীক্ষা কেন্দ্ৰ ৰূপে গঢ়ি তুলিবলৈ আগতীয়া ব্যৱস্থা গ্ৰহণৰ কথা কোৱা হৈছে। এই সন্দৰ্ভত তেওঁলোকে লোৱা ব্যৱস্থা সংসদক জনাবলৈও কোৱা হৈছে।
লগতে পঢ়ক : সোণাৰিত বৃহৎপৰিমানৰ গাঞ্জাসহ আটক এজন
শিক্ষা মন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে যে পৰীক্ষা অনুষ্ঠিত কৰাৰ পূৰ্বে সকলো পৰীক্ষাৰ্থীকে ক’ভিড ভেকচিন প্ৰদান কৰা হ’ব। ইয়াৰোপৰি সেউজ বলয়ৰ ভিতৰত ক’ভিড প্ৰট’ক’ল মানি এই পৰীক্ষা অনুষ্ঠিত কৰা হ’ব বুলি তেওঁ সদৰী কৰিছে।