গুৱাহাটীঃ অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ(বিশেষ) ফলাফল ঘোষণা ।

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে দিনৰ ১২ বজাৰ লগে লগে ৱেবচাইটযোগে প্ৰকাশ কৰে ফলাফল।

পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৪৬৬গৰাকী। বিজ্ঞান শাখাত ৩২০গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। আনহাতে, কলা শাখাত উত্তীৰ্ণ হৈছে ৫০৯গৰাকী পৰীক্ষাৰ্থী। কলা শাখাত অৱতীৰ্ণ হৈছিল ৮৭৪গৰাকী। কলা শাখাত উত্তীৰ্ণৰ হাৰ ৫৮.২৪ শতাংশ,বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৬৮.৬৭ শতাংশ,

লগতে পঢ়কঃডিয়েগো মাৰাডোনাৰ হাত ঘড়ী শিৱসাগৰত উদ্ধাৰ

ইফালে, বাণিজ্যত ৭১গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হোৱাৰ বিপৰীতে উত্তীৰ্ণ হৈছে ৪২গৰাকী শিক্ষাৰ্থী। বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ৫৯.১৫ শতাংশ।

উল্লেখ্য় যে, ১০ আৰু ১১ নৱেম্বৰত অনুষ্ঠিত হৈছিল অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা(বিশেষ)। সেই পৰীক্ষাৰ ফলাফল আজি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে প্ৰকাশ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply