নগাঁও : এক ভয়াবহ ভৱিষ্যতৰ দিশে অগ্ৰসৰ হৈছে নগাঁও জিলা। নগাঁৱত ভয়াবহভাৱে বৃদ্ধি পাইছে এইডছ আক্রান্তৰ সংখ্যা। এফালে ড্ৰাগছ আৰু আনফালে নাৰী দেহৰ ৰমৰমীয়া বেহাৰ বাবেই নগাঁৱত বৃদ্ধি পাইছে এইডছ আক্রান্তৰ সংখ্যা।

অসম আৰক্ষীয়ে ৰাজ্যজুৰি অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান। ৰাজ্যৰ প্রান্তে প্রান্তে আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই ইতিমধ্যে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিছে ড্ৰাগছ মাফিয়াক। আৰক্ষীৰ অভিযানত জালত পৰিছে বহু ড্ৰাগছ সৰবৰাহকাৰীও।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এই ড্ৰাগছ সৰবৰাহকাৰী সকলৰ মাজত আছে কেইবাজনো ড্ৰাগছ আসক্ত লোক। শেহতীয়াকৈ ৰাজ্যৰ কাৰাগাৰ সমূহত বন্দী হৈ থকা কাৰাবন্দী সকলৰ এইচ আই ভি পৰীক্ষা সম্পন্ন কৰা হৈছিল আৰু এই পৰীক্ষাৰ ফলাফল আছিল অতিকৈ ভয়াবহ।

কাৰাবন্দী হৈ থকা বহু লোকৰ শৰীৰত ধৰা পৰিছিল এইচ আই ভিৰ বীজাণু। এই সকলৰ ভিতৰত সৰহ সংখ্যকেই ড্ৰাগছ আসক্ত লোক। ৰাজ্যৰ অন্যান্য জিলাৰ লগতে নগাঁও জিলাৰ ফলাফলো ওলাইছে অতিকৈ চিন্তাজনক। চলিত বছৰত জিলাখনত ৩৮৪ জন এইডছত আক্রান্ত ৰোগী ধৰা পৰিছে।

ৰাজ্যত এইডছ আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ মূল কাৰণ ড্ৰাগছ সেৱন যদিও নগাঁৱৰ ৩৮৪ জনৰ ভিতৰত ২৩৪ জনে অসুৰক্ষিত যৌন সম্পৰ্কৰ বাবে এইডছত আক্রান্ত হৈছে। নগাঁৱৰ ৩৮৪ জন এইডছ আক্রান্তৰ ভিতৰত পুৰুষ-মহিলাৰ লগতে আছে তিনিটি শিশু। নগাঁৱৰ এইডছ আক্রান্তৰ এই সংখ্যা অতিকৈ চিন্তাজনক।

ড্ৰাগছমুক্ত নগাঁও গঢ় দিয়াৰ বাবে নগাঁও আৰক্ষীয়ে ধাৰাবাহিক অভিযান চলাই থকাৰ লগতে নাৰী দেহৰ অবৈধ বেহাৰ বিৰুদ্ধেও নগাঁও আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। নগাঁও আৰক্ষীয়ে জিলাখনৰ বিভিন্ন অঞ্চলত অভিযান চলাই নাৰী দেহ বেহাৰ ঘাটি উৎখাত কৰিছে। কিছুদিন পূৰ্ব আৰক্ষীয়ে দেহ ব্যৱসায়ৰ লগত জড়িত থকা দুজন পুৰুষৰ লগতে পাঁচ গৰাকী মহিলাক আটক কৰিছিল।

লগতে পঢ়ক : দগা-পাল্লা হাতত লৈ ৰাইজক মাছ বিক্ৰী কৰিলে মন্ত্ৰী বিমল বড়াই

বৰঘাট বাইপাচৰ জুইশাল নামৰ ধাবাত অভিযান চলাই আৰক্ষীয়ে পুনৰ মহিলাসহ ৮ জন লোকক আটক কৰিছে৷ ইয়াৰে চাৰিগৰাকী মহিলা আৰু চাৰিজন পুৰুষ৷ ধাবাখনৰ স্বতাধিকাৰী বলোৰাম দাসৰ আৰক্ষীয়ে আটক কৰিছে আব্দুল ৰচিদ, ৰূপজ্যোতি দাস, দ্বীপজ্যোতি হাজৰিকা আৰু বিজয় দাসক নামৰ লোক কেইজনক। উল্লেখ্য যে ৰাষ্ট্ৰীয় ঘাই পথৰ দুয়ো কাষে গঢ় লৈ উঠা একাংশ ধাবাত অনৈতিক কাৰ্যকলপ চলাৰ অভিযোগ দীর্ঘদিনীয়া।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply