পৌৰনিকায় কৰ্মচাৰী সন্থা

ডিফুঃ সদৌ অসম পৌৰনিকায় কৰ্মচাৰী সন্থাৰ ষষ্ঠ অনুসূচী এলেকাভূক্ত কাৰ্বি আংলং আৰু ডিমা হাছাওৰ মাণ্ডলিক বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখন দেওবাৰে ডিফুত অনুষ্ঠিত হৈ যায় ৷

ডিফু মিউনিচিপালটি বোৰ্ডৰ কৰ্মচাৰী সন্থাৰ উদ্যোগত ৰবনচন ক্ৰ’ৰ পৌৰোহিত্যত ডিফু মিউনিচিপালটি বোৰ্ডৰ সভা কক্ষত অনুষ্ঠিত হোৱা সভাখনত মাণ্ডলিক সমিতিৰ লগতে সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ কেন্দ্ৰীয় সমিতিৰ কেইবাগৰাকী পৰ্যৱেক্ষকে অংশ গ্ৰহণ কৰে ৷

উক্ত সভাত পৰ্যৱেক্ষকৰ লগতে মাণ্ডলিক সমিতিৰ কেইবাগৰাকী বিষয়া, সদস্যই পৌৰ নিকায় কৰ্মচাৰী সকলৰ বিভিন্ন অভাৱ- অভিযোগবোৰৰ বিস্তৃতভাৱে আলোচনা কৰে ৷

দীৰ্ঘ সময় আলোচনাৰ অন্তত সভাই দুটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰি সেইবোৰ কেন্দ্ৰীয় সমিতিৰ জৰিয়তে চৰকাৰৰ দৃষ্টি গোচৰ কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰে প্ৰস্তাৱ সমূহ ক্ৰমে, ষষ্ঠ অনুসূচী এলেকাৰ পৌৰ নিকায় কৰ্মচাৰী সকলৰ চাকৰি চৰকাৰী কৰণৰ যোগেদি নিয়মীয়াকৰণ কৰাৰ প্ৰস্তাৱ ৷

আৰু ডিমা হাছাও আৰু কাৰ্বি আংলংৰ লগতে বিটিএডি মাণ্ডলিক সমিতিক একত্ৰিকৰণ কৰি জইণ্ট একছন কমিটি গঠন কৰা ৷ আজিৰ সভাই পুৰণি সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ ডিমা হাচাও আৰু কাৰবি আংলং মাণ্ডলিক সমিতি ভংগ কৰি ডিফু মিউনিচিপালটি বোৰ্ডৰ জ্যেষ্ঠ অভিযন্তা নিপু চৰণ দত্তক উপদেষ্টা, সহকাৰী অভিযন্তা প্ৰদীপ ৰংপিক সভাপতি, বোকাজান পৌৰ সভাৰ সহকাৰী অভিযন্তা গহীন শইকীয়াক সম্পাদক,বকলীয়াঘাট পৌৰ সভাৰ মদন বে’ক কাৰ্যকৰী সভাপতি আৰু হাফলং পৌৰ সভাৰ উপসভাপতি কৃষ্ণ ছেত্ৰীক আৰু উমৰাংচ’ পৌৰ সভাৰ দীপক শৰ্মাক সহকাৰী সম্পাদক হিচাপে লৈ এখন শক্তিশালী সমিতি গঠন কৰে ৷

অহা জানুৱাৰী মাহত শিৱসাগৰত হবলগীয়া সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ দ্বিবাৰ্ষিক অধিৱেশনত প্ৰতিখন মণ্ডলৰ কৰ্মচাৰী সকলৰ অভাৱ -অভিযোগবোৰ সেইখন অধিৱেশনত উত্থাপন কৰিবলৈ সচেষ্ট হৈ থাকিব বুলি পৰ্যৱেক্ষক পাৰ্থ প্ৰতীম চক্ৰৱৰ্তী আৰু ডিফু পৌৰ সভাৰ ৰবিনচন টেৰণ সংবাদ মাধ্যমৰ আগত গুৰুত্ব পূৰ্ণ মন্তব্য কৰে ৷

ৰবিনচন টেৰণে কয় যে কাৰ্বি আংলং আৰু ডিমা হাছাওৰ পৌৰ কৰ্মী সকলে ৪৫ ৰ পৰা ৫৫ মাহলৈকে পোৱা নাই ৷ ভৈয়ামৰ পৌৰ নিকায় কৰ্মচাৰী সকলৰ দৰে ঘূৰ্ণীয়মান পুঁজিৰ জৰিয়তে পাহাৰৰ কৰ্মচাৰী সকলক দৰমহা দিয়া নহয় ৷ সেয়ে অতি সোণকালে সমস্যা সমাধান কৰি এই সকল কৰ্মচাৰীৰ নি়ুযুক্তি চৰকাৰী কৰণ কৰিবলৈ দাবী জনায় ৷
আজিৰ সভাত বিটিএডি পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক ও কেন্দ্ৰীয় সমিতিৰ পৰ্যৱেক্ষক,চন্দ্ৰিকা শৰ্মা, বিটিএডি পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ উপ সভাপতি ধৰণী বৰ্মণ বদৰপুৰ পৌৰ সভাৰ ও কেন্দ্ৰীয় পৰ্যৱেক্ষক পাৰ্থ প্ৰতীম চক্ৰৱৰ্তী আৰু কাৰবি আংলং জিলা সমিতিৰ উপসভাপতি হাৰচিং তিমুঙ উপস্থিত থাকে ৷

লগতে পঢ়ক-এতিয়াও বাংলাদেশলৈ চলি গৰুৰ চোৰাং সৰবৰাহ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,499 other subscribers

Leave a comment

Leave a Reply