গুৱাহাটীঃ কোভিড১৯ৰ এই ভয়াবহ সময়ত সকলোৱে নানা পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে।

তাৰ মাজতে বিভিন্নজনে বহুজনক সহায়ৰ বাবে আগবাঢ়ি আহিছে।

তেনে আৰ্তজনৰ কাষত থিয় হ’ল অসমীয়া চলচ্চিত্ৰজগতৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱা।

মহানগৰীৰৰ বিভিন্ন প্ৰান্তত ফুটপাথত অনাহাৰে কটোৱা লোকসকলক এসাঁজ খাদ্যৰ যোগান ধৰিলে অভিনেত্ৰীগৰাকীয়ে।

আৰু পঢ়কঃমানকাচৰত পকী দলং নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ

ঘৰতে ৰন্ধা প্ৰায় ১০০০ খাদ্যৰ টোপোলা বিতৰণ কৰে আইমী বৰুৱাই।

হোম কোৱাৰেণ্টেইন হৈ থকা প্ৰায় ৯৫০ টা পৰিয়ালক ১৫দিনৰ বাবে শুকান খাদ্য সামগ্ৰী যোগান ধৰিলে অভিনেত্ৰীগৰাকীয়ে।

৯৫০ মানুহৰ ঘৰত শুকান খাদ্য সামগ্ৰীৰ টোপোলা বিতৰণ কৰা আৰু বিভিন্ন স্থানত গৈ ১০০০ খাদ্যৰ টোপোলা বিতৰণৰ ক্ষেত্ৰত অভিনেত্ৰীগৰাকীক সহযোগ কৰা প্ৰতিজন ব্যক্তিকে আইমী বৰুৱাই আন্তৰিক কৃতজ্ঞতা জনাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply