নিউজ ডেস্কঃ গণতন্ত্ৰ দিৱসৰ দিনা খানাপাৰাৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে এক পৰিকল্পনাৰ কথা ঘোষণা কৰে। তেওঁ ভাষণ প্ৰদান কৰি জনাই যে, চলিত বৰ্ষৰ ১৪ এপ্ৰিল অৰ্থাৎ অসমীয়া নৱবৰ্ষ দিনা এক বৃহৎ অনুষ্ঠানৰ পৰিকল্পনা কৰা হৈছে য’ত গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত প্ৰৱেশ কৰাৰ লক্ষ্যৰে প্ৰায় ১০ হাজাৰৰ পৰা ১৫ হাজাৰ ঢুলীয়া আৰু নাচনীয়ে বিহু নৃত্য প্ৰদৰ্শন কৰিব ।
ৰাজ্যখনৰ সাংস্কৃতিক ক্ষেত্ৰখনক বিশ্বৰ দৰবাৰত উপস্থাপন কৰিবলৈ এই পৰিকল্পনা হাতত লৈছে বুলি মুখ্যমন্ত্ৰী শৰ্মাই কয় লগতে উক্ত অনুষ্ঠানটিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে বুলি তেওঁ জানিবলৈ দিয়ে।
উল্লেখ্যযোগ্য যে, ফেব্ৰুৱাৰী মাহত গুৱাহাটীত জি-২০ সন্মিলনৰ বাবে আহিবলগীয়া বিদেশৰ প্ৰতিনিধি সকলকো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ উদ্যোগত শুৱালকুছিৰ হস্ততাঁত শিল্পক স্ব-চক্ষুৰে দেখুৱাবলৈ লৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যাতে ৰাজ্যখনৰ সাংস্কৃতিক ক্ষেত্ৰখনে বিশেষ ভাৱে বিশ্ব দৰবাৰত স্থান পায়।