দৰিদ্ৰতাই কেতিয়াও শিক্ষাত হেঙাৰ হব নোৱাৰে, সেই কথাই যেন প্ৰতিপন্ন কৰিলে লখিমপুৰৰ এগৰাকী মেধাবী ছাত্ৰীয়ে ।
বানে গৰকা লখিমপুৰ জিলাৰ আমতলাৰ অতি পিছপৰা অঞ্চলৰ মেধাবী ছাত্ৰী আইনু বৰাৰ সফলতাক লৈ গাওবাসীৰ লগতে পৰিয়ালেও আনন্দ কৰিছে। সকলোৱে যেন গৰ্ব কৰিছে আইনুৰ সফলতাত।
অৰুনাচল প্ৰদেশৰ অৰুণোদয় বিশ্ববিদ্যালয়ৰ পৰা সদ্য ঘোষিত MBA চুড়ান্ত পৰীক্ষাত মানব সম্পদ বিষয়ৰ লগতে বিশ্ববিদ্যালয়ৰ সৰ্বশ্ৰেষ্ঠ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে ছাত্ৰী গৰাকীয়ে ।
লখিমপুৰ জিলা পশ্চিম তেলাহী গাওঁ পঞ্চায়তৰ অন্তগৰ্ত আমতলাৰ ছাত্ৰী আইনুৰ সফলতাক লৈ গৌৰবাম্বিত অঞ্চলবাসী। আইনুৰ এই সফলতাক লৈ অঞ্চলবাসীয়ে পাতিলে আৱতৰীয়া দীপাৱলী ।
দৈনন্দিন হাজিৰা কৰি পৰিয়াল চলাই নিজ সন্তানক পঢ়াৰ খৰছ মুকলি কৰা আইনু বৰাৰ পিতৃ এজন মিস্ত্ৰী । নিজ কন্যাৰ এনে সাফল্যত অতিকৈ গৌৰম্বাবিত পিতৃ মনিৰাম বৰা ,মাতৃ লুডু বৰাও।