যোৰহাট – যোৰহাটৰ মাছৰ বজাৰত উদ্ধাৰ পিষ্টল। নিউভিল ৰোডস্থিত পাচলি বজাৰৰ কাষতে থকা মাছৰ বজাৰত উদ্ধাৰ হয় পিষ্টল। পিষ্টল দেখি ৰাইজৰ মাজত সৃষ্টি আতংকময় পৰিৱেশৰ।

দেওবাৰে পুৱাৰ ভাগতে যোৰহাট নগৰত সৃষ্টি হয় এক আতংকময় পৰিৱেশৰ। যোৰহাট নগৰৰ নিউভিল ৰোডস্থিত পাচলি বজাৰৰ কাষত থকা মাছৰ বজাৰত এটা পিষ্টল উদ্ধাৰ হোৱাত ৰাইজৰ মাজত হুৱাদুৱা লাগে।

মাছৰ বজাৰৰ সমীপতে এটা পিষ্টল পথৰ কাষত পৰি থকা প্ৰত্যক্ষ কৰে একাংশ স্থানীয় লোকে। পিষ্টল উদ্ধাৰ হোৱাত বজাৰত থকা লোকসকলৰ মাজত সৃষ্টি হয় এক আতংকময় পৰিস্থিতিৰ।

ৰাইজে লগে লগে স্থানীয় থানাত অৱগত কৰাত ঘটনাস্থলীত গৈ আৰক্ষী উপস্থিত হৈ পিষ্টলটো উদ্ধাৰ কৰে। অৱশ্যে আৰক্ষীয়ে পিষ্টলটো এটা এয়াৰপিষ্টল বুলি জানিবলৈ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply