গোপীনাথ বৰদলৈ বিমানবন্দৰ

গুৱাহাটী: ভাৰতবৰ্ষৰ কেইবাটাও বিমানবন্দৰৰ লগতে অসমবাসী ৰাইজৰ আৱেগ বিজড়িত থকা স্বাধীনতা সংগ্রামী, অসমৰ প্ৰথম মুখ্যমন্ত্রী তথা মহাত্মা গান্ধীৰ ঘনিষ্ঠ লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নামেৰে নামাঙ্কিত বৰঝাৰ বিমান বন্দৰটি পুঁজিপতি গোষ্ঠী আদানি গোটৰ হাতত গতাই দিয়াৰ বাবে লোৱা একপক্ষীয় আৰু স্বেচ্ছাচাৰী সিদ্ধান্তৰ পুনৰ বিৰোধিতা কৰিছে অসম জাতীয় পৰিষদ দলে৷

আজি দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা স্বাক্ষৰিত এখন স্মাৰকপত্ৰ ভাৰতীয় বিমান প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যবাহী সঞ্চালকৰ হাতত অর্পন কৰি দলৰ কামৰুপ মহানগৰ জিলা সমিতিৰ সভাপতি সঞ্জীৱ বৰা নেতৃত্বাধীন এটা প্ৰিতনিধি দলে কয় যে যোৱা সপ্তাহতে আদানি গ্ৰুপে লক্ষ্ণৌ বিমান বন্দৰখন চমজি লোৱাৰ লগে লগেই বিমান বন্দৰৰ পাৰ্কিঙৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ মাচুল দহগুণ বৃদ্ধি কৰিছে৷ বৰঝাৰৰ বিমান বন্দৰখনৰ দায়িত্ব লোৱাৰ পিছতো তেওঁলোকে নিশ্চয় এনে পদক্ষেপ হাতত লব৷
স্মাৰকপত্ৰখনত দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে কেন্দ্ৰীয় চৰকাৰে বৰঝাৰ বিমান বন্দৰ ব্যক্তিগত কোম্পানীক হস্তান্তৰ কৰা হঠকাৰী কাৰ্য্যৰ প্ৰতিবাদ জনাই যোৱা ইং ৮ আগষ্ট তাৰিখে জাতীয় পৰিষদে বৰঝাৰ বিমানবন্দৰৰ সন্মুখত এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰিছিল আৰু বিমানবন্দৰৰ কাৰ্য্যবাহী সঞ্চালকক এখন স্মাৰক পত্রও প্ৰদান কৰিছিল।
দলটোৰ মতে, অসমবাসী ৰাইজৰ আৱেগ জড়িত হৈ থকা গোপীনাথ বৰদলৈৰ নামেৰে নামাংকিত বিমান বন্দৰটিৰ সৈতে অসমীয়া ৰাইজৰ সন্মান আৰু স্বাভিমান জড়িত হৈ আছে।গতিকে ভাৰত ৰত্নৰে সন্মানিত গোপীনাথ বৰদলৈ দেৱক পৰোক্ষ অথবা প্ৰত্যক্ষ ভাৱে অসন্মান কৰা কাৰ্য্য কোনোধৰণে মানি ল’ব নোৱাৰি। আনহাতে লক্ষ্ণৌ, বেংগালুৰু আদিকে ধৰি গুৱাহাটী বিমান বন্দৰ আগন্তুক ৫০ বছৰৰ বাবে আদানি গোটক গতাই দিব বিচৰা হৈছে। আদানি গ্রুপে ইতিমধ্যে দেশৰ অন্য পাঁচটাকৈ বিমান বন্দৰ তেওঁলোকৰ নিয়ন্ত্রণলৈ নিছে । তদুপৰি আদানি গ্ৰুপে ইতিমধ্যে পাৰ্কিং আদিকে ধৰি বিমান বন্দৰৰ বিভিন্ন মাচুল দহগুন বৃদ্ধি কৰিছে।তেওঁলোকৰ এই হঠকাৰী কাৰ্য্যই মহামাৰীৰ কবলত পৰি বিত্তীয় সংকটে জুৰুলা কৰা যাত্ৰীসকলক আৰু অধিক সংকটৰ মুখলৈ ঠেলি দিছে।

ভূঞাই স্মাৰকপত্ৰখনত কয়, “আমি সংশ্লিষ্ট সকলো পক্ষক সতৰ্ক কৰি দিব বিচাৰিছো যে গুৱাহাটী বিমানবন্দৰ ব্যক্তিগত কৰণৰ পৰা বিৰত থাকক। অসমবাসীৰ অধিকাৰ আৰু স্বাভিমানক পদদলিত কৰিব বিচৰা কাৰ্য্য আৰু যাত্রী সকলক লুট কৰিব বিচৰা প্ৰচেষ্টা সফল হ’বলৈ দিয়া নহ’ব।

ব্যক্তিগত কৰণৰ পৰা বিৰত নাথাকিলে গণতান্ত্রিক ভাৱে প্ৰৱল প্ৰতিৰোধ গঢ়ি তোলা হ’ব। আমি আমাৰ এই বাৰ্তাটিৰ যোগেদি স্পষ্ট কৰিব বিচাৰিছো যে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ উচ্চ পদস্থ বিষয়া বৰ্গ আৰু আদানি গ্ৰুপে এই বিষয়ে আৰু অধিক সাহস প্ৰদৰ্শনেৰে বৰকঝাৰৰ বিমান বন্দৰটি আদানি গ্ৰুপক হস্তান্তৰ কৰাৰ পৰা বিৰত থাকক।“

লগতে পঢ়ক ব্যক্তিগত হাস্পতালত কোভিড চিকিৎসাৰ নিৰিখ নিৰ্ধাৰণ কৰিলে অসম চৰকাৰে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,279 other subscribers

Leave a comment

Leave a Reply