নিউজ ডেস্ক : এয়াৰটেল (Airtel)-এ ভাৰতৰ গ্ৰাহকসকলৰ বাবে থকা ইয়াৰ প্ৰি পেইড মাচুলৰ সংশোধন কৰাৰ কথা ঘোষণা কৰিছে। অহা ২৬ নৱেম্বৰৰ পৰা টেলিকম সেৱা প্ৰদানকাৰী কোম্পানীটোৱে মাচুলৰ নতুন নিৰিখ কাৰ্য্যকৰী কৰিব।
সেই অনুসৰি Airtel-ৰ প্ৰি পেইড প্লেনসমূহৰ ক্ষেত্ৰত ন্যূনতম ২০ টকাকৈ বৃদ্ধি কৰাৰ লগতে কিছুমান পেকৰ ক্ষেত্ৰত ৫০১ টকা পৰ্য্যন্ত দাম বৃদ্ধি কৰা হৈছে।
Airtel-এ জনোৱা মতে কোম্পানীটোৱে প্ৰতিজন গ্ৰাহকৰ পৰা লাভ কৰা গড় ৰাজহৰ লক্ষ্য ২০০ৰ পৰা ৩০০ টকাত উপনীত হ’বলৈ চেষ্টা কৰি আছে। মাচুল বৃদ্ধি কৰাৰ পিছত এয়াৰটেলৰ Basic প্লেন বৰ্তমানৰ ৭৯ টকাৰ ঠাইত ৯৯ টকালৈ বৃদ্ধি পাব।
আনহাতে কোম্পানীটোৰ ২৪৯৮ টকীয়া প্লেনৰ মূল্য ২৬ নৱেম্বৰৰ পৰা ২৯৯৯ টকালৈ বৃদ্ধি কৰা হ’ব বুলি জনোৱা হৈছে।
মাচুল পৰিৱৰ্তনৰ সম্পূৰ্ণ তালিকাখন তলত দিয়া হৈছে –
Current Price (Rs. ) | New Price (Rs. ) | Validity | Benefits |
79 | 99 | 28 Days | 50 percent more talk time of Rs. 99, 200 MB data. 1 paise/sec voice tariff |
149 | 179 | 28 Days | Unlimited calling, 100 SMS/day, 2GB data |
219 | 265 | 28 Days | Unlimited calling, 100 SMS/day, 1GB/day data |
249 | 299 | 28 Days | Unlimited calling, 100 SMS/day, 1.5GB/day data |
298 | 359 | 28 Days | Unlimited calling, 100 SMS/day, 2GB/day data |
379 | 455 | 84 Days | Unlimited calling, 100 SMS/day, 6GB data |
449 | 549 | 56 Days | Unlimited calling, 100 SMS/day, 2GB/day data |
598 | 719 | 84 Days | Unlimited calling, 100 SMS/day, 1.5GB/day data |
698 | 839 | 84 Days | Unlimited calling, 100 SMS/day, 2GB/day data |
1498 | 1799 | 365 Days | Unlimited calling, 100 SMS/day, 24GB data |
2498 | 2999 | 365 Days | Unlimited calling, 100 SMS/day, 2GB/day data |
48 (data pack) | 58 (data pack) | NA | 3GB data |
98 (data pack) | 118 (data pack) | NA | 12GB data |
251 (data pack) | 301 (data pack) | NA | 50GB data |
লগতে পঢ়ক : তৃণমূল কংগ্ৰেছৰ নেত্ৰী চয়নী ঘোষক গ্ৰেপ্তাৰ, হত্যাৰ অপচেষ্টাৰ অভিযোগ