গুৱাহাটী : উপ-নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বদৰুদ্দিন আজমল দল এআইইউডিএফ। উপ-নিৰ্বাচনৰ বাবে এআইইউডিএফে ঘোষণা কৰিছে প্ৰাৰ্থীৰ নাম। অবশ্য মাত্ৰ দুটা সমষ্টিতৰ বাবেহে দলটোৱে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে।

অহা ৩০ অক্টোবৰত ৰাজ্যৰ পাঁচটাকৈ বিধানসভা সমষ্টিত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন। উপ-নিৰ্বাচনৰ বাবে শাসকীয় বিজেপিৰ লগতে বিৰোধী কংগ্ৰেছ দলে ইতিমধ্যে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। এই ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই এআইইউডিএফ দল।

বিজেপি আৰু কংগ্ৰেছৰ পিছত এআইইউডিএফে উপ-নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। দলটোৱে মাত্ৰ দুটা সমষ্টিতহে প্ৰাৰ্থী প্ৰদান কৰিব। ভৱানীপুৰ আৰু গোঁসাইগাঁও এই দুটা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে এআইইউডিএফে।

লগতে পঢ়ক :  ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ,নামতোলা বুজন পৰিমানৰ ড্ৰাগছ উদ্ধাৰ

ভৱানীপুৰত জুব্বাৰ আলীক টিকট দিছে এআইইউডিএফে। জুব্বাৰ আলী এজন অধিবক্তা। আনহাতে গোঁসাইগাঁও সমষ্টিৰ বাবে এআইইউডিএফে প্ৰাৰ্থীত্ব প্ৰদান কৰিছে খাইৰুল আনাম খণ্ডকাৰক। বুধবাৰে দলটোৱে ঘোষণা কৰে এই দুই সমষ্টিৰ প্ৰাৰ্থীৰ নাম।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply