নিউজ ডেস্ক : ধলপুৰত প্ৰশাসনে চলাই থকা উচ্ছেদ অভিযান শীঘ্ৰে বন্ধ কৰাৰ বাবে এ আই ইউ ডি এফৰ অধ্যক্ষ, লোকসভা সাংসদ বদৰুদ্দিন আজমলে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক পত্ৰ যোগে আহ্বান জনাইছে। সোমবাৰে সাংসদ গৰাকীয়ে ৰাষ্ট্ৰপতিলৈ পত্ৰ প্ৰেৰণ কৰে।

চৰকাৰে চলোৱা উচ্ছেদৰ ফলত অসমত সামাজিক অস্থিৰতাই দেখা দিয়াৰ উপক্ৰম হৈছে বুলি উল্লেখ কৰি স্মাৰকপত্ৰত আজমলে উচ্ছেদিত লোকসকলৰ লগতে যোৱা ২৩ ছেপ্টেম্বৰত চলা উচ্ছেদ অভিযানত আৰক্ষীৰ গুলীত নিহতৰ পৰিয়ালক উচিত ক্ষতিপূৰণ দিয়াৰ দাবী জনায়।

 উল্লেখযোগ্য ইয়াৰ পূৰ্বে এ আই ইউ ডি এফৰ উপৰি কংগ্ৰেছ, চি পি আই (এম)-কে ধৰি আন বহুকেইটা ৰাজনৈতিক দলে চৰকাৰক ধলপুৰৰ উচ্ছেদ অভিযান বন্ধ কৰিবলৈ দাবী জনাইছিল।

উচ্ছেদ কাৰ্য্যক অমানৱীয় আখ্যা দি আজমলে বান আৰু খহনীয়াত মাটি হেৰোৱা লোকক বিশেষ প্ৰমাণপত্ৰ দিয়াৰ দাবী জনায়। তদুপৰি তেওঁ উচ্ছেদ অভিযানত আৰক্ষীয়ে কৰা গুলীচালনা ঘটনাৰ এক উচ্চস্তৰৰ ন্যায়িক তদন্তৰ দাবী জনায়।

লগতে পঢ়ক : নিয়োগ বাৰ্তা : ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমত চাকৰি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply