গুৱাহাটী : কৃষক আন্দোলনত শ্বহীদ হােৱা ব্যক্তি আৰু আর্থিকভাৱে জুৰুলা হােৱা খেতিয়ক সকলক বিশেষ অর্থনৈতিক পেকেজ আগবঢ়াব লাগে বুলি কেন্দ্রীয় চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে এআইইউডিএফে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত দলৰ সভাপতি তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে কয় যে অৱশেষত কৃষক আন্দোলনৰ প্রতি নতশিৰ হ’বলৈ বাধ্য হ’ল কেন্দ্রীয় চৰকাৰ, অকল নতশিৰে নহয় ক্ষমা খুজিবলৈও বাধ্য হ’ল। কৃষক বিৰােধী এই তিনিখন আইনক লৈ সমগ্ৰ দেশতে প্রতিবাদ হৈছিল। এই প্রতিবাদক কেন্দ্রীয় মন্ত্রী তথা বিজেপিৰ নেতা-পালিনেতাই তাচ্ছিল্য কৰা পৰিলক্ষিত হৈছিল। সম্পূর্ণ কৃষি ব্যৱস্থাটোৱেই কৃষকৰ পৰা উদ্যোগপতিৰ হাতত গতাই দিব বিচৰা এই আইন তিনিখনৰ মূল উদ্দেশ্য আছিলে। কিন্তু দেশৰ একত্রিত কৃষকে এই আইনৰ অন্তর্নিহিত অর্থ বুজি পাই ইয়াৰ তীব্ৰ বিৰােধীতা কৰে আৰু এই প্রতিবাদৰ সময়চোৱাত ৭০০তকৈ অধিক লােক শহীদ হ’ব লগা হয়। বহু কৃষক আর্থিকভাৱেও লােকচানৰ সন্মুখীন হ’ব লগা হয়।
বদৰুদ্দিন আজমলে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মাদীয়ে কৃষি আইন বাতিল কৰাৰ মূল কাৰণ আগন্তুক দেশৰ কেইবাখনাে ৰাজ্যত হ’বলগীয়া বিধানসভা নির্বাচনত যাতে কোনাে প্রভাৱ নপৰে। সেইবাবেহে এই আইন তিনিখন বাতিল কৰিবলৈ বাধ্য হৈছে। তদুপৰি বিগত সময়বােৰত কৃষক আন্দোলনৰ কাৰণে আৰু বিৰােধীৰ ভূমিকাৰ বাবে সংসদ অচল হৈ পৰিছিল। আগন্তুক হ’বলগীয়া সংসদ অধিৱেশন যাতে ভালদৰে সম্পন্ন হয় তাৰ বাবেও চৰকাৰে এই আইন তিনিখন বাতিল কৰিবলৈ বাধ্য হৈছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে যদিও আইন তিনিখন উঠাই লােৱাৰ কথা ঘােষণা কৰিছে কিন্তু তেওঁৰ ঘােষণাৰ প্রতি কৃষকসকল আশ্বস্ত হ’ব পৰা নাই বুলি ব্যক্ত কৰি তেওঁ বিবৃতিটোত আৰু কয় যে অতি সােনকালে কৃষক নেতা সকলে দাবী কৰাৰ দৰেই সংসদত এই আইন তিনিখন বাতিলৰ ব্যৱস্থাৰ দাবী জনােৱাৰ লগতে শহীদ আৰু আর্থিকভাৱে লােকচান হােৱা কৃষক সকলৰ বাবে বিশেষ পেকেজ ঘােষণা কৰিবলৈ চৰকাৰক দাবী জনায়।
লগতে পঢ়ক : বেদখলকাৰীৰ কৱলত চৰাইদেউ দেওশালৰ মাটি
বিজেপি নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰৰ প্রতিটো নীতিয়েই যে জনসাধাৰণৰ হিতৰ বিপৰীতে সেই কথা ৰাইজে এতিয়া হৃদয়ংগম কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ প্রত্যুত্তৰ ৰাইজে সময়ত নিশ্চয় দিব বুলি সাংসদ আজমলে বিবৃতিটোত ব্যক্ত কৰে। উল্লেখ্য যে তিনিখন কৃষি আইন বাতিল কৰাৰ দাবীত দেশৰ কৃষক সকলে বিগত এবছৰ ধৰি প্ৰতিবাদ অব্যাহত ৰাখিছে। অৱশেষত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে দেশবাসীক সম্বোধন কৰি তিনিখন কৃষি আইন বাতিল কৰা হ’ব বুলি ঘোষণা কৰিছিল। আগন্তক সংসদৰ অধিৱেশনত তিনিখন কৃষি আইন বাতিলৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব বুলি প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছিল।