মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলা বিজেপিৰ সভাপতি আলতাফ হুছেইিনৰ নেতৃত্বত দেওবাৰে দক্ষিণ শালমাৰা সমষ্টিৰ পদ্মেৰ আলগা গাঁও পঞ্চায়তৰ এআইইউডিএফৰ পৰা নিৰ্বাচিত হোৱা পঞ্চায়ত সভানেত্ৰী, আঞ্চলিক পঞ্চায়তৰ সদস্যাসহ মুঠ ৮ গৰাকী পঞ্চায়ত প্ৰতিনিধি এআইইউডিএফ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰে। স্বামীসহ বিজেপিত যোগদান পঞ্চায়ত সভানেত্ৰী গৰাকীৰ।
দিনৰ ১১ বজাত জিলা বিজেপৰ সভাপতি আলতাফ হুছেইনৰ বাসগৃহত দক্ষিণ শালমাৰা সমষ্টিৰ পদ্মেৰ আলগা গাঁও পঞ্চায়তৰ এআইইউডিএফৰ পঞ্চায়ত সভানেত্ৰী আমিনা খাতুন আৰু তেওঁৰ স্বামী তথা দক্ষিণ শালমাৰা এআইইউডিএফৰ জিলা সমিতিৰ উপ সভাপতি মহৰ আলী সেখ, আঞ্চলিক পঞ্চায়তৰ সদস্যা খাইমালা খাতুনসহ তেওঁৰ স্বামী আবু বক্তাৰ ছিদ্দিক, পঞ্চায়তখনৰ উপ সভাপতি নুৰ জাহান নেছা আৰু তেওঁৰ স্বামী আলী হুছেইনসহ আন ৫ গৰাকী নিৰ্বাচিত গাঁও পঞ্চায়ত সদস্যসহ মুঠ ৮ গৰাকী পঞ্চায়ত প্ৰতিনিধি বিজেপিত যোগদান কৰে।
লগতে পঢ়ক : ড্ৰাগছ পাৰ্টীৰ বাবে কোকেইন যোগান ধৰা বিশাল চৌধুৰীৰ ভৰিত আৰক্ষীৰ গুলী
এআইইউডিএফৰ পৰা নিৰ্বাচিত জনপ্ৰতিনিধি কেইগৰাকী দলটোৰ প্ৰতি অতিষ্ট হৈ দল ত্যাগ কৰি বিজেপিত যোগদান কৰা বুলি মন্তব্য কৰে। মন কৰিবলগীয়া বিষয় এয়া যে দক্ষিণ শালমাৰা সমষ্টিৰ পৰা এআইইউডিএফ দলৰ মুৰব্বী তথা দলৰ সভাপতি মৌলানা বদৰুদ্দিন আজমল প্ৰথমবাৰৰ বাবে বিধানসভাৰ নিৰ্বাচনত জয়ী হোৱাত সমষ্টিখনক এআইইউডিএফৰ ৰাজধানী বুলি বিবেচনা কৰা হৈছিল। কিন্তু শেহতীয়াকৈ সমষ্টিটো কংগ্ৰেছ দলক এৰি দিয়াত সংখ্যালঘু প্ৰধান এলেকা দক্ষিণ শালমাৰাত এআইইউডিএফৰ নেতা-কৰ্মীয়ে দল ত্যাগ কৰি বিজেপিত যোগদান কৰিবলৈ আৰম্ভ কৰাত সমষ্টিখন এআইইউডিএফ শূণ্য হৈ পৰিব বুলি বিজেপিৰ জিলা সভাপতি আলতাফ হুছেইনে সংবাদিকৰ আগত মত প্ৰকাশ কৰে।