বৰপেটা : অসম বিধানসভাৰ নিৰ্বাচনৰ পিছতে ৰাজনৈতিক মহলত ব্যাপক চৰ্চ্চা লাভ কৰিছে হৰ্ছ ট্রেডিংৰ খবৰে। ইতিমধ্যে কংগ্ৰেছৰ নেতৃত্বাধীন মহাজোঁট বন্ধৰ প্ৰাৰ্থী সকলক আঁতৰাই ৰখা হৈছে অসমৰ পৰা। বিশেষকৈ এআইইউডিএফ দলৰ প্ৰাৰ্থী সকল অসম এৰি ৰাজস্থানত আশ্ৰয় লৈ থকা পৰিলক্ষিত হৈছে।
হৰ্ছ ট্রেডিংৰ চৰ্চ্চাৰ মাজতে এইবাৰ বিজেপিৰ পৰা ধনলৈ দল বিৰোধী কাৰ্যত জড়িত থকাৰ অভিযোগত এআইইউডিএফৰ ছয় গৰাকী নেতালৈ কৈফিয়ত তলব কৰিছে বৰপেটা জিলা এআইইউডিএফে। শনিবাৰে এক সংবাদমেল অনুষ্ঠিত কৰি এআইইউডিএফৰ বৰপেটা জিলা কমিটিৰ সভাপতি ছামচুদ্দিন আহমেদে দলটোৰ ছায় গৰাকী নেতালৈ কৈফিয়ত তলব কৰাৰ কথা জানিবলৈ দিয়ে।
এআইইউডিএফৰ বৰপেটা জিলা কমিটিৰ সভাপতি ছামচুদ্দিন আহমেদে কয় যে জিলাখনৰ সৰভোগ সমষ্টিৰ মহাজোঁটৰ প্রার্থী মনোৰঞ্জন তালুকদাৰক ধনৰ বিনিময়ত এআইইউডিএফৰ ছয় গৰাকী নেতাই চিপৰাং মৰাৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। সেইহে এআইইউডিএফৰ ছয় গৰাকী নেতালৈ কৈফিয়ত তলব কৰিছে বৰপেটা জিলা এআইইউডিএফে।
বৰপেটা জিলা কমিটিৰ সভাপতি গৰাকীয়ে জানিবলৈ দিয়ে যে কৈফিয়ত তলব কৰা নেতা সকল হৈছে ক্ৰমে সৰভোগ সমষ্টি কমিটিৰ সভাপতি মহিৰুদ্দিন মণ্ডল, কার্যকৰী সভাপতি,আব্দুল চেলিম, যুৱ মাৰ্চৰ সভাপতি সেইজনুল হক, উপ সভাপতি হাফিজ বিল্লাল হুছেইন, সাধাৰণ সম্পাদক (প্ৰ) উম্মত আলী আৰু সহ: সম্পাদক,আব্দুল আলিম।
দলটোৰ এই ছায় গৰাকী নেতাই বিজেপি দলৰ প্ৰাৰ্থী শংকৰ চন্দ্ৰ দাসৰ পৰা ধন লৈ নির্বাচনত নির্দলীয় প্রার্থীৰ হৈ কাম কৰাৰ অভিযোগ উঠিছে। দল বিৰোধী কাৰ্যৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপন হোৱা সৰভোগ সমষ্টিৰ এআইইউডিএফৰ নেতা সকলক ২৪ ঘন্টাৰ ভিতৰত উত্তৰ দিবলৈ সকীয়নি প্ৰদান কৰিছে বৰপেটা জিলাৰ সভাপতি ছামচুদ্দিন আহমেদে।