গুৱাহাটী : এ আই ইউ ডি এফ দলৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলৰ নির্দেশমর্মে বিধায়িনী দলৰ তৰফৰ পৰা শােণিতপুৰ জিলাৰ জামুগুৰিহাটত চলােৱা উচ্ছেদ প্রসংগত অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক এটি সঁজাতি দলে সাক্ষাৎ কৰি এখন স্মাৰক পত্র প্রদান কৰে। মুখ্যমন্ত্রী কার্যালয়ত সঁজাতি দলটো উপস্থিত হৈ সকলােধৰণৰ উচ্ছেদ বন্ধ কৰাৰ লগতে উচ্ছেদিত লােকসকলক মানৱীয় সহায়সহ সংস্থাপন দিবলৈ আবেদন জনায়। এ আই ইউ ডি এফ দলে মুখ্যমন্ত্ৰীলৈ প্ৰদান কৰা স্মাৰক পত্ৰত উল্লেখ কৰে যে ক’ভিডৰ এই ভয়াবহ পৰিস্থিতিত শােণিতপুৰ জিলাৰ জামুগুৰিহাটত চলােৱা উচ্ছেদ অভিযানে তাত বসবাস কৰা লােকসকলৰ কাৰণে এক মহাবিপদ হিচাপে দেখা দিছে।

ক’ভিড সংক্ৰমণৰ পৰা আত্মৰক্ষা, প্রয়ােজনীয় খাদ্য সামগ্রী আৰু আশ্রয়ৰ পৰা বঞ্চিত হৈ এই লােকসকল এক হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হৈছে। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপ-নৈ সমূহৰ গৰাখহনীয়াত মাটি-ভেটি হেৰুৱাই সর্বস্বান্ত হােৱা দূৰ্ভগীয়া লােকসকলে জীয়াই থকাৰ তাড়নাত হয়তাে মথাউৰিৰ ওপৰত নাইবা পৰিত্যক্ত চৰকাৰী ভূমিত আশ্রয় লয়। চৰকাৰে বাৰে বাৰে এই লােকসকলক উচ্ছেদ কৰি খেদি পঠিয়াই যদিও কেতিয়াও লােকসকলৰ দুখ-দূর্দশা বা অসহায় অৱস্থাৰ প্রতি বিন্দুমাত্রও সহানুভূতি প্রদর্শন নকৰে। ভূমিহীন-ভেটিহীন লােকসকলক বিকল্প সংস্থাপন দিয়াটো চৰকাৰৰ দায়িত্ব হােৱা স্বত্বেও আজিলৈকে কোনাে এখন চৰকাৰে এই ক্ষেত্ৰত একো যােগাত্মক পদক্ষেপ গ্রহণ নকৰিলে।

এ আই ইউ ডি এফ দলে এই লােকসকলক অতি সােনকালে উপযুক্ত ক্ষতিপূৰণসহ পুনৰসংস্থাপনৰ ব্যৱস্থাৰ দাবীলৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি আহি জানিবলৈ দিয়া মতে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে ইতিবাচক সঁহাৰি প্ৰদান কৰাটো পৰিলক্ষিত হয়। উল্লেখযােগ্য যে এই সঁজাতি দলত বিধায়িনী দলৰ দলপতি হাফিজ বছিৰ আহমেদ কাছিমী, উপ-দলপতি হাজী আমিনুল ইছলাম, মুখ্য সচেতক ড° হাফিজ ৰফিকুল ইছলাম, ধুবুৰীৰ বিধায়ক নজৰুল ইছলাম, মানকাচৰ সমষ্টিৰ বিধায়ক অধিবক্ত মােঃ আমিনুল ইছলাম, সােনাই সমষ্টিৰ বিধায়ক কৰিম উদ্দিন বৰভূঞা, দলগাঁও সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমান আৰু চেঙা সমষ্টিৰ বিধায়ক আশ্রাফুল হুছেইনে উপস্থিত থাকে।

এ আই ইউ ডি এফৰ বিধায়িনী দলৰ দলপতি হাফিজ বছিৰ আহমেদ কাছিমীয়ে উল্লেখ কৰে যে কিছুমান সংবাদমাধ্যমে এই লােকসকলক সন্দেহযুক্ত নাগৰিক বুলি অপপ্রচাৰ আৰু মিনি বাংলাদেশ উচ্ছেদ বুলি যি এক অসাংবিধানিক আৰু ঘৃণনীয় শব্দ ব্যৱহাৰ কৰাটো আমাৰ পৰিলক্ষিত হৈছে, এই ক্ষেত্ৰত আমি তেওঁলােকক জনাব বিচাৰোঁ যে, বিদেশীক চিহ্নিত আৰু বহিস্কৰণৰ বিধি আছে। যদি তেওঁলােক বিদেশী তেন্তে নীতি সাপেক্ষে তেওঁলােকক চিহ্নিত কৰি বহিস্কাৰ কৰক কিন্তু তাকে নকৰি সকলােধৰণৰ বৈধ নথি থকা ভাৰতীয় নাগৰিকক এই জাতীয় শব্দ ব্যৱহাৰেৰে হাৰাশাস্তি কৰি থকাৰ লগতে অধিকাৰ হৰণৰ ষড়যন্ত্র এ আই ইউ ডি এফ দলে মানি নলয় বুলি তেওঁ ব্যক্ত কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply