গুৱাহাটী : হােজাই জিলাৰ লংকাৰ ফুলতলী চিকিৎসালয়ত চিকিৎসাৰ অভাৱত এগৰাকী ক’ভিড ৰােগীৰ মৃত্যু হােৱাৰ অভিযােগ তুলি ৰােগী গৰাকীৰ আত্মীয় আৰু একাংশ লোকে চিকিৎসক ডাঃ সেউজ কুমাৰ সেনাপতিৰ ওপৰত চলোৱা বৰ্বৰ আক্ৰমণৰ ঘটনাক তীব্র ভাষাৰে গৰিহণা দিছে এ আই ইউ ডি এফে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত দলটোৰ সভাপতি তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে কয় “ক’ভিড মহামাৰীৰ সময়ত চিকিৎসক আৰু চিকিৎসাকর্মী সকলে দিনে নিশাই ৰােগীৰ সেৱা শুশ্রুষাৰ বাবে কাম কৰি আছে। এনে সময়তে এই প্রথমশাৰীৰ কর্মী সকলৰ ওপৰত আক্রমণ হৈছে। এয়া গৰিহণাৰ যােগ্য। দোষী ব্যক্তিসকল যিহেতু ইতিমধ্যে চিনাক্ত হৈছে, তেওঁলােকৰ ওপৰত কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰি দৃষ্টান্তমূলক শাস্তি প্রদান কৰিব লাগে।”

আনহাতে শেহতীয়াভাৱে অসম আৰক্ষীয়ে সমগ্ৰ ৰাজ্যত যি ড্ৰাগছ বিৰােধী অভিযান আৰম্ভ কৰিছে তাক আদৰণী জনাইছে সাংসদ বদৰুদ্দিন আজমলে। এই ক্ষেত্ৰত সাংসদ গৰাকীয়ে কয় “বর্তমান সময়ত অসমত যুৱ প্ৰজন্মৰ একাংশই ড্রাগছৰ কৱলত পৰিছে। এই যুৱ প্ৰজন্মক মূল পথলৈ উভতাই অনাটো অতি প্রয়ােজন হৈছে। এই ড্রাগছৰ কৱলত পৰি একোটা পৰিয়াল ধ্বংস হােৱাৰ লগতে সমাজৰাে যথেষ্ট ক্ষতি হৈছে। সেইবাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নির্দেশ মর্মে যি ড্ৰাগছ বিৰােধী অভিযান অসম আৰক্ষীয়ে আৰম্ভ কৰিছে তাৰ বাবে আমি মুখমন্ত্ৰী গৰাকীক ধন্যবাদ জ্ঞাপন কৰিছাে। এই অভিযান আৰু তীব্রতৰ হােৱাটো আমি কামনা কৰিছাে।

লগতে পঢ়ক : লকডাউন ২০২০ : ৰে’লৱে লাইনত প্ৰাণ হেৰুৱাইছে প্ৰায় ৯০০০ প্ৰব্ৰজিত শ্ৰমিকে

এই ড্রাগছ ব্যৱসায়ৰ আঁৰত থকা প্রধান ব্যক্তি সকলক অচিৰেই অসম আৰক্ষীয়ে আটক কৰিব বুলি আমি আশা কৰিছাে, লগতে যি সকলক ইতিমধ্যে কৰায়ত্ত কৰা হৈছে। সেই সকলৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি ব্যক্ত কৰি সাংসদ গৰাকীয়ে ড্ৰাগছ মুক্ত অসম গঢ়াৰ ক্ষেত্ৰত অসম চৰকাৰে আৰু অধিক কঠোৰ পদক্ষেপ গ্রহণ কৰিব বুলি আশা ব্যক্ত কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply