মানকাচৰ : এআইইউডিএফৰ জিলা পৰিষদৰ সদস্যৰ বিজেপিত যোগদান। দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জৰ এআইইউডিএফ দলৰ জিলা পৰিষদৰ সদস্যই বিজেপিত যোগদান কৰিলে। দক্ষিণ শালমাৰাৰ এআইইউডিএফৰ নেতা তথা জিলা পৰিষদ সদস্য ডঃ জাকিৰ হুছেইনৰ বিজেপিত যোগদান।

দক্ষিণ শালমাৰাত আৰাম্ভ হৈছে এআইইউডিএফত খহনীয়া।ইতিমধ্যে দক্ষিণ শালমাৰাৰ বহু এআইইউডিএফ নেতা-কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰা পৰিলক্ষিত হৈছে। ইয়াৰ মাজতে দেওবাৰে ফকিৰগঞ্জ বিজেপি দলৰ কাৰ্যালয়ত আনুষ্ঠিত সভাত আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে যুৱ নেতা তথা জিলা পৰিষদ সদস্য ডঃ জাকিৰ হুছেইন।

লগতে পঢ়ক :  টীয়কত দুৰ্গাৰ প্ৰতিমা সাজি দুই দশক ধৰি পুজা পালন কৰিছে কৃষ্ণ প্ৰসাদ দত্তই

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি অধিৰ চন্দ্ৰ দাস, ফকিৰগঞ্জ মণ্ডল বিজেপিৰ সভাপতি প্ৰদীপ কুমাৰ পাণ্ডেৰ উপস্থিতিত যুৱ নেতা ডঃ জাকিৰ হুছেইনে বিজেপি দলত অনুষ্ঠানিকভাৱে যোগদান কৰে। জাকিৰ হুছেইনৰ বিজেপি গমনত অঞ্চলটোৰ বিজেপি দলৰ ভেটি শক্তিশালী হোৱাৰ আশংকা প্ৰকাশ কৰিছে দলৰ নেতা কৰ্মী সকলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply