হাটশিঙিমাৰী : দৰং জিলাৰ চিপাঝাৰৰ গৰুখুটী উচ্ছেদকাণ্ডক লৈ হাটশিঙিমাৰীত জিলা এআইইউডিএফৰ মৌন প্ৰতিবাদ। ভূক্তভূগী পৰিয়ালক চৰকাৰী সাহায্য প্ৰদানৰ দাবীৰে জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰদান এআইইউডিএফ দলৰ। ৰাজ্যৰ আন আন জিলাৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সম্মুখত মানকাচৰ জিলা এআইইউডিএফে ছিপাঝাৰৰ ধলপুৰ গৰুখুটি ঘটনাক লৈ মৌন প্ৰতিবাদ সাব্যস্ত কৰে।
উচ্ছেদকাণ্ডৰ ভূক্তভূগী পৰিয়ালক চৰকাৰী সাহায্য প্ৰদানৰ দাবীত জিলা প্ৰশাসনৰ জৰিয়তে ৰাজ্যপাললৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে এআইইউডিএফ দলে। উল্লেখযোগ্য যে শনিবাৰে দিনৰ প্ৰায় ১.৩০ বজাত মানকাচৰ জিলা এআইইউডিএফৰ সভাপতি নজমুল আৰপিনৰ নেতৃত্বত শতাধিক এআইইউডিএফৰ নেতা-কৰ্মীয়ে মুখত কলা কাপোৰ বান্ধি মৌন প্ৰতিবাদ সাব্যস্ত কৰে। হাটশিঙিমাৰীৰ ভিমাপাৰাস্থিত বিধায়ক আমিনুল ইছলামৰ আৱাসগৃহৰ পৰা শতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে প্লেকাৰ্ড, বেনাৰ লৈ মৌন সমদল উলিয়াই।
লগতে পঢ়ক : ছিপাঝাৰত খিলঞ্জীয়া যুৱ সমাজৰ কৃতঞ্জতা যাত্ৰা
সমদলটো হাটশিঙিমাৰীস্থ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত আহি মৌন প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ পিছতে জিলা প্ৰশাসনৰ জৰিয়তে অসমৰ ৰাজ্যপাললৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে এআইইউডিএফ দলে। স্মাৰক পত্ৰখনৰ জৰিয়তে গৰুখুটীকাণ্ডৰ নিন্দা কৰি ভূক্তভূগী পৰিয়ালক চৰকাৰ আৰ্থিক সাহায্য প্ৰদানৰ দাবী জনোৱা হয়। তদুপৰি আগন্তক দিনত চৰকাৰে কোনো স্থানত এনে উচ্ছেদ অভিযান চলালে আগতীয়াকৈ ৰাইজক জাননি দিয়াৰ লগতে এনে ভূমিহীন লোকক পুনৰস্থাপনৰ ব্যৱস্থা কৰাৰ পিছতহে উচ্ছেদ কৰাৰ দাবী জনায় মানকাচৰ জিলা এআইইউডিএফে।