গুৱাহাটী : কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতা ভংগ। উপ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতা ভংগ হোৱাকলৈ ৰাজ্যৰ ৰাজনৈতিক মহলত ব্যাপক চৰ্চা দেখিবলৈ পোৱা গৈছে। কংগ্ৰেছ দলৰ ফালৰ পৰা এআইইউডিএফৰ লগত মিত্ৰতা ভংগ ঘোষণা কৰাৰ পিছতে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এআইইউডিএফে।

মিত্ৰতা ভংগ সন্দৰ্ভত এআইইউডিএফ দলৰ ফলৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কোৱা হৈছে প্ৰদেশ কংগ্ৰেছে মহাজোঁটকলৈ এক পক্ষীয়ভাৱে লোৱা সিদ্ধান্ত দুৰ্ভাগ্যজন। কংগ্ৰেছৰ কেন্দ্ৰীয় সমিতি আৰু অন্যান্য ৰাজনৈতিক দলক লৈ মহাজোঁট কৰা হৈছিল ৷ এই ক্ষেত্ৰত প্ৰদেশ কংগ্ৰেছে এক পক্ষীয়ভাৱে যি সিদ্ধান্ত লৈ মহাজোঁটৰ পৰা এআইইউডি এফক বাদ দিয়াৰ বাবে যি প্ৰস্তাৱ লৈছে সেয়া দুৰ্ভাগ্যজনক৷

সংবাদ মাধ্যমলৈ প্ৰেৰন কৰা এক প্ৰেছ বিবৃতিত এআইইউডিএফৰ বিধায়িনী দলৰ দলপতি তথা দলৰ সাধাৰন সম্পাদক হাফিজ বচিৰ আহমেদে কয় যে সম্প্ৰতি বিজেপিৰ দৰে এটা সাম্প্ৰদায়িক দলক প্ৰতিহত কৰিবৰ বাবে গনতান্ত্ৰিক ধৰ্ম নিৰপেক্ষ দলবোৰ অধিক শক্তিশালী কৰাতো সময়ৰ আহ্বান আছিল৷ ব্যক্তিগত দুই এজনে মহাজোঁটৰ নীতি আদৰ্শৰ পৰিপন্থী উক্তিৰ উপৰত ভিত্তি কৰি মহাজোঁটক দূৰ্বল কৰা উচিত নহ’ব৷

এআইইউডিএফদল বিজেপিৰ সাম্প্ৰদায়িক চৰিত্ৰৰ বাবে তাৰ বিৰূদ্ধাচৰন কৰি আহিছে আৰু ভৱিশ্যতলৈও কৰিব৷ কংগ্ৰেছে বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত এক পক্ষীয়ভাৱে মহাজোঁটৰ ভিতৰত ভাঙুন সৃষ্টি নকৰি শক্তিশালী কৰিব লাগে বুলি এআইইউডিএফৰ বিধায়িনী দলৰ দলপতি তথা দলৰ সাধাৰন সম্পাদক হাফিজ বচিৰ আহমেদে মত পোষন কৰে।

লগতে পঢ়ক :  যোৱা ২৪ ঘণ্টাত ৪০ হাজাৰৰ তলত নামিছে দেশত ক’ভিড আক্রান্তৰ সংখ্যা

উল্লেখ্য যে ২০২১ ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ মহাজোঁট বন্ধনত এআইইউডিএফ থকাটো কংগ্ৰেছ দলৰ কেইবাগৰকী নেতাই বিৰোধ কৰিছিল। অখিল গগৈও এআইইউডিএফ থকাৰ বাবে কংগ্ৰেছৰ মহাজোঁট বন্ধনত চামিল হোৱা নাছিল। এতিয়া উপ নিৰ্বাচনত এআইইউডিএফক বাদ দি মহাজোঁট বন্ধনে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে ৰণ কৌশলক আৰম্ভ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply