গুৱাহাটী : অসমৰ সংখ্যালঘু সম্প্ৰদায়ৰ ইছলামধৰ্মী লোক সকলৰ বিভিন্ন সমস্যা আৰু সম্প্ৰদায়টোৰ উন্নয়নৰ বাবে মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লোৱা পদক্ষেপক আদৰণী জনাইছে এ আই ইউ ডি এফে৷ সংবাদ মাধ্যমলৈ প্ৰেৰন কৰা এক প্ৰেছ বিবৃতিত দলৰ সভাপতি তথা ধুবুৰীৰ সাংসদ মৌ বদৰুদ্দিন আজমলে কয় যে- মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ধৰ্মীয় সংখ্যালঘু লোক সকলৰ সবলীকৰনৰ বাবে যি ইতিবাচক পদক্ষেপ গ্ৰহন কৰিছে সেয়া আদৰণীয়৷
অসমত থকা সংখ্যালঘু লোক সকল বিশেষকৈ ইছলাম ধৰ্মীয় লোকসকল বিশেষভাৱে পিছপৰা৷ এই সম্প্ৰদায় লোক সকলে বসবাস কৰা অঞ্চল সমূহৰ যাতায়ত, শিক্ষা, স্বাস্থ্য আদি বিষয়ত এতিয়াও অনগ্ৰসৰ হৈ আছে৷ দেওবাৰে মূখ্যমন্ত্ৰীয়ে ইছলাম ধৰ্মৰ বিভিন্ন শীৰ্ষ স্থানীয় ব্যক্তি সকলৰ লগত মত বিনিময় কৰা অনুষ্ঠানতো এনে সমস্যা সমূহৰ কথাও মূখ্যমন্ত্ৰী অৱগত হৈছে৷ মূখ্যমন্ত্ৰীয়ে ইতিমধ্যে এই সম্প্ৰদায়ৰ লোক সকলে সন্মূখীন হোৱা সমস্যা সমাধানৰ্থে সামৰি আঠটা উপ গোট গঠন কৰাৰ কথা কৈছে৷
লগতে পঢ়ক : গুৱাহাটী বিশ্ববিদ্যালয়ত ঠিকাভিত্তিক শিক্ষকৰ সেৱা বন্ধ কৰা কাৰ্যত তীব্ৰ প্ৰতিবাদ আছুৰ
এই উপ গোট সমূহৰ প্ৰতিবেদনত নিশ্চিতভাৱে সকলোবোৰ সমস্যাৰ কথা উল্লেখ থাকিব৷ এই সমস্যা সমূহৰ সম্পৰ্কে অধিক আলোচনাৰ বাবে মূখ্যমন্ত্ৰীয়ে পৰৱৰ্তী সময়ত সংখ্যালঘুলো সকলক প্ৰতিনিধিত্ব কৰা জনপ্ৰতিনিধি, ৰাজনৈতিক দল, বিভিন্ন দল সংগঠন, চৰ-চাপৰিৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত একে ধৰনৰ বৈঠকত মিলিত হ’ব বুলি আমি আশা প্ৰকাশ কৰিছো বুলিও উল্লেখ কৰে মৌ বদৰুদ্দিন আজমলে। কেৱল আলোচনাই নহয় সমস্যাবোৰ সমাধানৰ বাবে মূখ্যমন্ত্ৰী গৰাকীয়ে ইতিবাচক পদক্ষেপ গ্ৰহন কৰিব আৰু আগন্তক অসম চৰকাৰৰ বাজেটতো ইয়াৰ প্ৰতিফলন ঘটিব বুলি সাংসদ আজমলে বিবৃতিটোত আশা প্ৰকাশ কৰে।