গুৱাহাটী : দেওবাৰে ঘোষণা কৰা হয় অসম বিধানসভা নিৰ্বাচনৰ ফলাফল। নিৰ্বাচনত ভাল ফলাফল লাভ কৰি ৰাজ্যত পুনৰবাৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠন হ’বলৈ গৈ আছে। ইফালে কংগ্ৰেছৰ মহাজোঁটৰ চৰকাৰ গঠনৰ আশাত চেঁচা পানী পৰিল যদিও মহাজোঁটৰ অন্যতম দল এআইইউডিএফ দলে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। ১৯ খন আসনত প্ৰতিদ্বন্দিতা কৰি এআইইউডিএফ দলে লাভ কৰিছে ১৬ খন আসন।

এআইইউডিএফে জয়লাভ কৰা আসন সমূহ হৈছে :

১) বদৰপুৰত এআইইউডিএফৰ প্ৰাৰ্থী আব্দুল আজিজ মুঠ ৭৪,৪৫৩ টা ভোট লাভ কৰি বিজেপিৰ প্ৰাৰ্থী বিশ্বৰূপ ভট্টাচাৰ্য্যক পৰাস্ত কৰে। বিশ্বৰূপ ভট্টাচাৰ্য্যই লাভ কৰে মুঠ ৫০,৫০৪ টা ভোট।

২) হাইলাকান্দিত এআইইউডিএফৰ প্ৰাৰ্থী
জাকিৰ হুছেইন লস্কৰ ৭১,০৫৭ টা ভোট লাভ কৰি বিজয়ী হ’বলৈ সক্ষম হয়। জাকিৰ হুছেইন লস্কৰে ৪৭,৩০৩ টা ভোট লাভ কৰা বিজেপিৰ প্ৰাৰ্থী মিলন দাসক পৰাস্ত কৰে।

৩) কাটলিচেৰাত এআইইউডিএফৰ ছজামুদ্দিন লস্কৰে লাভ কৰে ৭৯,৭৬৯ টা ভোট। আনহাতে বিজেপিৰ সুব্ৰত কুমাৰ নাথ ৬৬,৭৯৮ টা ভোট লাভ কৰি কাটলিচেৰাত পৰাস্ত হয়।

৪) আলগাপুৰত নিজামুদ্দিন চৌধুৰী ৬৬,৭৮৫ টা ভোট লাভ কৰি এআইইউডিএফৰ হৈ সমষ্টিতো দখল কৰে। বিজেপিৰ মুন স্বৰ্ণকৰ মুঠ ৪৯,১৮১ টা ভোট লাভ কৰি পৰাস্ত হয়।

৫) সোণাইত কৰিম উদ্দিন বৰভূঞাই ৭১,৯৩৭ টা ভোট লাভ কৰি বিজেপিৰ আমিনুল হক লাস্কাৰক পৰাস্ত কৰে। আমিনুল হক লাস্কাৰ লাভ কৰে ৫২,২৮৩ টা ভোট।

৬) মানকাচৰত আমিনুল ইছলাম লাভ কৰে ১,২৫,৮৭৩ টা ভোট। এআইইউডিএফৰ আমিনুল ইছলামে ৬৯,০৩৩ টা ভোট লাভ কৰা অগপৰ জাবেদ ইছলামক পৰাস্ত কৰে।

৭) ধুবুৰীত জয়লাভ কৰে এআইইউডিএফৰ প্ৰাৰ্থী নজৰুল হক। নজৰুল হক ১,২৩,৯১৩ টা ভোট লাভ কৰে আৰু ধুবুৰীত পৰাস্ত হোৱা বিজেপিৰ প্ৰাৰ্থী ডঃ দেৱাময় চান্যালে লাভ কৰে ৪৬,১০০ টা ভোট।

৮) ধুবুৰী জিলাৰ গৌৰিপুৰ সমষ্টিত মিজানুৰ ৰহমান পুনৰবাৰ এআইইউডিএফৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হ’বলৈ সক্ষম হয়। মিজানুৰ ৰহমানে ১,১২,১৯৪ টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ প্ৰাৰ্থী গৰাকীয়ে লাভ কৰে ৬৩,৩৪৯ টা ভোট।

৯) ধুবুৰীৰে বিলাসীপাৰা পশ্চিম সমষ্টিত এআইইউডিএফৰ হাফিজ বছিৰ কাছিমীয়ে ৯০,৫২৯ টা ভোট লাভ কৰি বিজয়ী হ’বলৈ সক্ষম হোৱাৰ পৰিবৰ্তে বিজেপিৰ ডাঃ আবু বক্কৰ ছিদ্দিক লাভ কৰে মাত্ৰ ২৭,০৫৪ টা ভোট।

১০) ধুবুৰীৰ অন্য এটা সমষ্টি বিলাসীপাৰা পূব ছামছুল হুদাই এআইইউডিএফৰ দখলত আনে ১,১৬০৬৮ টা ভোট লাভ কৰি। বিলাসীপাৰা পূব সমষ্টিত বিজেপিৰ অশোক কুমাৰ সিঙি ৬৬,৭৬৮ টা ভোট লাভ কৰি পৰাস্ত হয়।

১১) ভৱানীপুৰ সমষ্টি দখল কৰে এ আই ইউ ডি এফৰ প্ৰাৰ্থী ফণী তালুকদাৰ। ফণী তালুকদাৰ লাভ কৰে ৫৫,৯৭৫ টা ভোট আৰু অগপৰ প্ৰাৰ্থী ৰঞ্জিত ডেকাই লাভ কৰে ৫২,৭৪৮ টা ভোট।

১২) জনীয়াত হাফিজ ৰফিুকুল ইছলাম ১,৫৬,১৮৩ টা ভোট লাভ কৰি সমষ্টিতো এআইইউডিএফৰ দখলত আনে। জনীয়াত বিজেপিৰ সাহিদুল ইছলাম লাভ কৰে মাত্ৰ ১১,৪০৮ টা ভোট।

১৩) চেঙাত বিজয়ী হবলৈ সক্ষম হয় এআইইউডিএফৰ যুৱ নেতা আশ্ৰাফুল হুছেইন। বিধানসভাৰ মজিয়ালৈ এইবাৰ নিৰ্বাচিত হোৱা কনিষ্ঠ বিধায়ক আশ্ৰাফুল হুছেইন চেঙাত লাভ কৰে ৭৫,৩১২ টা ভোট। সমষ্টিটোত আশ্রফুল হুছেইনৰ হাতত পৰাস্ত হোৱা অগপৰ প্ৰাৰ্থী ৰবিউল হুছেইন লাভ কৰে ২৩,৩৭৩ টা ভোট আনহাতে ২০১৬ চনৰ চেঙা সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক শুকুৰ আলী আহমেদ লাভ কৰে ২২,৫৭৩ টা ভোট।

১৪) দলগাঁও সমষ্টিত এআইইউডিএফৰ মজিবুৰ ৰহমানে পৰাস্ত কৰে কংগ্ৰেছৰ ইলিয়াছ আলীক। মজিবুৰ ৰহমানে মুঠ ১,১৮,৩৪২ টা ভোট লাভ কৰাৰ পৰিবৰ্তে কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীয়ে লাভ কৰে ৬২,৯৫৯ টা ভোট।

১৫) ধিং সমষ্টি পুনৰবাৰ আমিনুল ইছলাম এ আই ইউ ডি এফৰ দখললৈ আনিবলৈ সক্ষম হয় ১,৪৫,৮৮৮ টা ভোট লাভ কৰি। বিজেপিৰ সঞ্জীৱ কুমাৰ বৰাই লাভ কৰে মাত্ৰ ৯,০৪৮ টা ভোট।

১৬) আনহাতে যমুনামুখ সমষ্টিত ছিৰাজুদ্দিন আজমল বিজয়ী হ’বলৈ সক্ষম হয়। মুঠ ১,৩৬,৯০২ টা ভোট লাভ কৰি ছিৰাজুদ্দিন আজমল বিজয়ী হোৱাৰ পৰিবৰ্তে অগপৰ ছাদিক উল্লাহ ভূঞাই লাভ কৰে কেৱল মাত্ৰ ১৮,৩৪২ টা ভোট।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply