গুৱাহাটীঃ ৰাজ্যসভাৰ সাংসদ আজিত কুমাৰ ভূঞাই আজি এক সংবাদ মেল অনুষ্ঠিত কৰি বিজেপি চৰকাৰখনক তীব্ৰ সমালোচনা কৰে। সাংসদ গৰাকীয়ে সংবাদ মেলত কয় যে ৰাজ্য চৰকাৰখনে লোৱা কিছুমান সিদ্ধান্তই আজি অসমৰ ৰাইজৰ সকলো উৎসাহ-উদ্দীপনা শেষ কৰি পেলালে।

প্ৰায় ৬-৭ মাহ পূর্বে ক্ষমতালৈ অহাৰ দিন ধৰি চৰকাৰখনে এটাৰ পিছত আনটো এনে সিদ্ধান্ত লৈছে যিবোৰে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক পৰিচয় ধ্বংস কৰাৰ প্ৰৱণতা স্পষ্ট হৈ আছে বুলি সাংসদ গৰাকীয়ে উল্লেখ কৰে। ৰাজ্য চৰকাৰে ঘোষণা কৰা শেহতীয়া এছ অ পি’ত ভোগালী বিহু উদযাপন ক্ষেত্ৰত নিৰ্ধানৰ কৰা নীতি নিৰ্দেশনাকলৈ প্ৰশ্ন উত্থাপন কৰে সাংসদ অজিত কুমাৰ ভূঞাই।

লগতে পঢ়কঃৰাজ্যৰ বিভিন্ন চিকিৎসালয় সমূহৰ লগতে মহানগৰী গুৱাহাটীৰো বিভিন্ন চিকিৎসালয়ত প্ৰদান কৰা হৈছে বুষ্টাৰ ড’জ

ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই কয় “আমি এতিয়া ক’ভিড তৃতীয় ঢৌৰ মাজত সোমাই পাৰিছোঁ। সেয়ে চৰকাৰে কঠোৰ নীতি-নিৰ্দেশনা বান্ধি দিছে। চলন-ফুৰণ, যাত্ৰা, কেইবজাৰ ভিতৰত উৰুকাৰ ভোজ খাব, মেজি কেইবজাৰ আগত জ্বলাব নোৱাৰিব আদি সকলোতে নিৰ্ধাৰিত কিছুমান নীতিৰ মাজত চলিবলৈ ৰাইজক কঠোৰ সকীয়নি দিছে ভাল কথা। কিন্তু প্ৰশ্ন হ’ল কেৱল মাঘৰ বিহু উদযাপনতহে কিয় এই নিষেধাজ্ঞা।”

সাংসদ গৰাকীয়ে লগতে প্ৰশ্ন কৰে “যোৱা ৩১ ডিচেম্বৰৰ মাজ নিশা লৈকে চলা পাৰ্টীবোৰৰ ক্ষেত্ৰত এইবোৰ নিষেধাজ্ঞা কিয় আৰোপ কৰা হোৱা নাছিল? নে ১ জানুৱাৰীৰ পুৱাৰ পৰাহে ক’ভিডৰ তৃতীয়টো ঢৌৰ জন্ম হ’ল বুলি ৰাজ্য চৰকাৰলৈ ‘বিশেষ গোপন বাৰ্তা’ আহিল! ভোগালী বিহু উদযাপন কৰিবলৈ নিদিয়াটোৱেই এই মিলিজুলি অসম বিৰোধী চক্ৰটোৰ একমাত্ৰ উদ্দেশ্য বুলিও কয় সাংসদ অজিত কুমাৰ ভূঞাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply