গুৱাহাটী : ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ সংবাদমেল সম্বোধন কৰি বিস্ফোৰণ। ছমাহত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ভয়ংকৰ সিন্ধান্ত গ্ৰহণ কৰিছে। খোজে খোজে মিছা কথা আৰু মিছা প্ৰতিশ্ৰুতি দি প্ৰতাৰণা কৰিছে। ৰাজ্য চৰকাৰখনক ঠগবাজৰ চৰকাৰ আখ্যা আজিৰ কুমাৰ ভূঞাৰ।
হনিমুন পিৰিয়দ শেষ হৈছে চৰকাৰখনৰ। এতিয়া আমি কামৰ খতিয়ান ল’ব সময় হ’ল বুলিও কয় অজিত কুমাৰ ভূঞাই।
বৰ্তমান ৰাজ্য চৰকাৰখন প্ৰতিশ্ৰুতি আৰু প্ৰচাৰৰ ওপৰত নিৰ্ভৰশীল হৈ আছে বুলি মন্তব্য কৰি অজিত কুমাৰ ভূঞাই এপিএছচি পৰীক্ষাৰ পৰা অসমীয়া ভাষা প্ৰত্যাহাৰ কৰা কাৰ্যক তীব্ৰ সমালোচনা কৰে। এই সম্পৰ্কে অজিত কুমাৰ ভূঞাই কয় চৰকাৰে বিষয়টো ৰহস্যৰ মাজলৈ ঠেলি দিছে, এয়া গৰিহণাৰ যোগ্য। ইয়াৰ বিৰুদ্ধে সকলোৱে ওলাই অহা উচিত। ইফালে জনজাতিৰ বেল্ট ব্লকৰ ভূমিৰ অকৰ্তৃত্বশীলভাৱে হস্তান্তৰৰ সিন্ধান্ত চৰকাৰে লৈছে বুলি উল্লেখ কৰি অজিত কুমাৰ ভূঞাই কয় ইয়াৰ দ্বাৰা ভূমিপুত্ৰ সকলৰ থকা ভূমি অধিকাৰ কাঢ়ি নিব বিচাৰিছে। মিট্টালৰ দৰে বনিয়াৰ স্বাৰ্থ এইবোৰ সিন্ধান্ত চৰকাৰে গ্ৰহণ কৰিছে বুলি কয় ৰাজ্যসভাৰ সাংসদ গৰাকীয়ে।
গো সুৰক্ষা আইনে গ্ৰাম্য অৰ্থনীতি একেবাৰে তচনচ কৰিব। মুখ্যমন্ত্ৰীয়ে নাগপুৰ আৰু দিল্লীৰ প্ৰভূসকলৰ সন্তুষ্ট কৰিবলৈ এটাৰ পাছত এটাকৈ জনবিৰোধী সিদ্ধান্ত গ্ৰহণ কৰি গৈছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে অজিত কুমাৰ ভূঞাই। অসমৰ চাৰিওফালে চৰকাৰখনে বিশ্ববিদ্যালয়ৰ ঘোষণা কৰি আছে কিন্তু যিকেইখন পূৰ্বৰ পৰায়ে আছে সেইকেইখন বিশ্ববিদ্যালয়ৰে আন্তঃগাঁঠনি অতি বেয়া। এই বিশ্ববিদ্যালয়সমূহৰ আন্তঃগাঁঠনি সৱল নকৰাকৈ নতুন বিশ্ববিদ্যালয় ঘোষণা কৰাটো শুভ লক্ষণ নহয়। চৰকাৰৰে বিভিন্ন ঋণ লৈ হিতাধিকাৰী সৃষ্টি কৰিব বিচাৰিছে। উৎপাদনশীলতাৰ বিপৰীতে কেৱল হিতাধিকাৰীৰ সৃষ্টিৰ বাবে অসমৰ ৰাইজক ঋণৰ বোজা জাপি দিছে। ঋণ লৈয়ে মাইক্ৰফাইনেঞ্চৰ ঋণ মাফ কৰাৰ আঁচনি লৈছে চৰকাৰে ৰাইজক মূৰ্খ বুলি নাভাবি, বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰক চৰকাৰক বুলিও কয় ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই।
লগতে পঢ়ক : কামৰূপ জিলাত “হৰ ঘৰ দস্তক” অভিযান
কৃষি আইন বাতিল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অজিত কুমাৰ ভূঞাই। ৰাজ্যসভাৰ সাংসদ গৰাকীয়ে লগতে কয় যে ৰাজনৈতিক পৃষ্ঠপোষকতাত অসমীয়া-বঙালীৰ মাজত বিভেদ সৃষ্টি কৰা হৈছে। প্ৰদীপ দত্ত ৰয়ৰ দৰে লোকসকলক চৰকাৰে ব্যৱহাৰ কৰি আহিছে। অসমীয়া মানুহে সময়ত মাত নমতাৰ বাবে নতুন নতুন বিতৰ্কৰ ভুমুকি মাৰিছে। বৰাকৰ কথা বাদ দিয়ক গুৱাহাটীতে অসমীয়া ভাষাত বেনাৰ-হৰ্ডিং নিলিখে। অসম সাহিত্য সভাই ভাষা ৰক্ষাৰ ক্ষেত্ৰত কি কৰিছে বুলিও প্ৰশ্ন কৰে অজিত কুমাৰ ভূঞাই। কেৱল ভাষা ৰক্ষাৰ নামত অনুষ্ঠান পাতি থাকিলে নহ’ব বুলি মন্তব্য প্ৰকাশ কৰি সাহিত্য সভাকো তীক্ষ্ণ সমালোচনা কৰে অজিত কুমাৰ ভূঞাই। অহা লোকপিয়লত ভাষাক লৈ এটা ষড়যন্ত্ৰ আৰম্ভ হ’ব। ভাষাক লৈ ৰাজনীতি সদায় চলিয়ে আছে বুলিও কয় অজিত কুমাৰ ভূঞাই।