গুৱাহাটী : বৰাক উপত্যকাৰ মিজোৰাম সীমান্তত মিজোৰাম ৰাজ্যৰ আৰক্ষীৰ সহযোগিতাত দুষ্কৃতিকাৰীয়ে অসমৰ লোকৰ ওপৰত আক্ৰমণ কৰাৰ বাতৰিত অসম জাতীয় পৰিষদে উদ্বেগ প্ৰকাশ কৰিছে৷ দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক বিবৃতিত কয় যে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে অসম ভ্ৰমণ কৰি যোৱাৰ পিছদিনাই তথা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ উপস্থিতিত উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰীসকলৰ মাজত সীমা সমস্যাক লৈ বৈঠক অনুষ্ঠিত হৈ যোৱাৰ পিছতে এই ঘটনা সংঘটিত হোৱাটো তাৎপৰ্যপূৰ্ণ৷ কিয়নো অসম আৰু মিজোৰাম দুয়োখন ৰাজ্যত এন ডি এৰ চৰকাৰ চলি আছে৷

মিজোৰামৰ শাসনাধিষ্ঠিত মিজো নেচনেল ফ্ৰন্ট অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন নৰ্থ-ইষ্ট ডেম’ক্ৰেটিক এলায়েন্স (নেডা)ৰ অংশীদাৰ৷ সেয়ে একে মিত্ৰজোঁটৰ চৰকাৰ থকা দুখন ৰাজ্যৰ চৰকাৰে বিষয়টো নিস্পত্তি কৰিব নোৱাৰাটো দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে অসম জাতীয় পৰিষদে। জাতীয় পৰিষদৰ নেতাদ্বয়ে সোঁৱৰাই দিয়ে যে সৌসিদিনা অসমৰ মুখ্যমন্ত্ৰীয়ে এনকাউন্টাৰক বৈধতা দিবলৈ গৈ কৈছিল যে অসম আৰক্ষীক গুলী খাবলৈ এৰি দিব নোৱাৰি৷ কিন্তু আজি মিজোৰাম সীমান্তত চুবুৰীয়া ৰাজ্যৰ দুৰ্বৃত্তৰ গুলী খাই অসম আৰক্ষীৰ লোক আহত হ’বলগীয়া হয়৷

লগতে পঢ়ক : ৰক্তাক্ত অসম মিজোৰাম সীমান্ত; নিহত অসম আৰক্ষীৰ ৪ জন জোৱান, আৰক্ষী অধীক্ষককে ধৰি কেইবাজন আহত

এই বিষয়টোক সমানে গুৰুত্ব দিবনে বুলি অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতি প্ৰশ্ন নিক্ষেপ কৰি গগৈ আৰু ভূঞাই অসম আৰক্ষীৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ দাবী জনায়৷ আনহাতে সীমা সমস্যাৰ বিষয়টোত মুখ্যমন্ত্ৰীয়ে নিজে হস্তক্ষেপ কৰা আৰু তৎকালীনভাৱে সমাধান কৰাৰ লগতে সীমান্তৱৰ্তী লোকসকলক নিৰাপত্তা প্ৰদান আৰু আজিৰ ঘটনাত আহতসকলক উপযুক্ত ক্ষতিপূৰণ দিবলৈ জাতীয় পৰিষদে দাবী জনায়৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply