লাইলাপুৰৰ ঘটনাত নিহত হোৱা বৰপেটাৰ শ্বহীদ নজমুল হুছেইনৰ বাসগৃহত উপস্থিত হয় অসম জাতীয় পৰিষদৰ সভাপতি শ্ৰী লুৰীণজ্যোতি গগৈ৷

হাউলীৰ ওচৰৰ কদমগুৰিত থকা শ্বহীদগৰাকীৰ বাসভৱনত উপস্থিত হওঁতে সভাপতি গগৈক সংগ দিয়ে দলৰ যুটীয়া সম্পাদক অমিতাভ বৰঠাকুৰ, প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমান আৰু দেৱজিত অধিকাৰী, বৰপেটা জিলা জাতীয় পৰিষদৰ সভাপতি অমল দাস, সম্পাদক চহিদুল ইছলামসহ বহুকেইগৰাকী নেতাই৷

ইয়াৰ পূৰ্বে জাতীয় পৰিষদৰ সভাপতিৰ নেতৃত্বত এটি প্ৰতিনিধি দলে কাছাৰ আৰু হাইলাকান্দি জিলাত উপস্থিত আন ৪গৰাকী শ্বহীদৰ ঘৰত উপস্থিত হৈ পৰিয়ালবৰ্গৰ আগত সমবেদনা ব্যক্ত কৰে৷

লগতে পঢ়ক জোৰামথাংগাৰ সুৰ সলনি হ’ল, ৬ জনক হত্যা কৰি এতিয়া আলোচনা বাবে আগ্ৰহ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply