নিউজ ডেস্ক: নলবাৰীৰ বাঁহজানীৰ ওচৰৰ কালাগত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ ওপৰত বিজেপিৰ স্থানীয় বিধায়ক নাৰায়ন ডেকাৰ সমৰ্থকৰ আক্ৰমণ কৰাৰ অভিযোগ অজাপ দলৰ ৷
৪৭/১ নং উপৰ বৰভাগ পঞ্চায়তৰ বিজেপিৰ সভাপতি মিন্টু কলিতাৰ নেতৃত্বত লুৰীণজ্যোতি গগৈৰ কনভয়ত দেওবাৰে বৰভাগ কালাগ অঞ্চলত বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাৰ গুণ্ডা বাহিনীয়ে এই আক্ৰমণ কৰে বুলি অসম জাতীয় পৰিষদে এক বিবৃতি যোগে জানিবলৈ দিয়ে ।এই ঘটনাক অসম জাতীয় পৰিষদে তীব্ৰ গৰিহণা দিয়ে৷
গুণ্ডা বাহিনীয়ে বিজেপিৰ পতাকা হাতত লৈ নাৰায়ণ ডেকা জিন্দাবাদ, বিজেপি জিন্দাবাদ ধ্বনি দি আক্ৰমণ কৰিছিল৷ দলৰ বিবৃতিত আৰু কোৱা হৈছে যে এই ঘটনাত বিজেপি দল প্ৰত্যক্ষভাৱে জড়িত৷ এয়া বিজেপিৰ হতাশাগ্ৰস্ততাৰ স্পষ্ট প্ৰতিফলন৷ জাতীয় পৰিষদৰ উত্থানত বিজেপি কেনেকৈ শংকিত হৈছে – এই ঘটনাই তাকেই প্ৰমাণ কৰে৷
দলৰ মুখ্য উপদেষ্টা শ্ৰী বসন্ত ডেকাই ফোন কৰি অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক বিষয়টো কৰিছে৷ দলৰ উপ সভাপতি শ্ৰী চন্দ্ৰকান্ত দাসে অসমৰ গৃহ সচিবক ফোন কৰি বিস্তৃত জনাইছে৷
মাহিন্দ্ৰ নাথ শৰ্মা,উদয় বৈশ্য, লক্ষী কলিতা,কিংকৰ কলিতা,তুলেন বৈশ্য ,অজয় তালুকদাৰ, এই সকল বিজেপি কৰ্মী উক্ত আক্ৰমণত জড়িত বুলি বিবৃতিটোত প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদৰ ফালৰ পৰা৷