মুখ্যমন্ত্ৰীৰ নিৰ্দেশত কালিৰে পৰা ৰাজ্যখনত জব্দ কৰা ড্ৰাগছ আদি দাহ কৰা বা নষ্ট কৰা কাৰ্য নাটক আখ্যা দিছে অসম জাতীয় পৰিষদে৷ Narcotic Drugs and Psychotropic Substances Act 1985 তথা অন্য সংযোগী আইন তথা বিধি অনুসৰি – ড্ৰাগছ বা অন্য ৰাগিয়াল বস্তু সৰবৰাহ কৰা ব্যক্তিৰ ওপৰত চলা গোচৰ নিস্পত্তি নোহোৱালৈকে ন্যায়িক সাক্ষ্য-প্ৰমাণৰ বাবে ৰাগিয়াল দ্ৰব্যখিনি মজুত ৰাখিব লাগে আৰু আদালতে সংশ্লিষ্ট গোচৰৰ ৰায় দিয়াৰ পিছত উক্ত দ্ৰব্যখিনি আদালতৰ অনুমতি সাপেক্ষে নষ্ট কৰা হয়৷

কিন্ত চৰকাৰে তাৰ পূৰ্বেই সেইখিনি নষ্ট কৰি দিছে৷ জাতীয় পৰিষদৰ প্ৰশ্ন- ধংস কৰা সকলোখিনি সামগ্ৰী ড্ৰাগছেই আছিলনে? সেইখিনি ফৰেন্সিক বিজ্ঞানাগাৰত পৰীক্ষা কৰোৱা হৈছিলনে? গোচৰ শেষ হোৱাৰ পূর্বেই ইমান দৌৰাদৌৰিকৈ সেইখিনি নষ্ট কৰি দি আচলতে প্ৰমাণ নষ্ট কৰা হৈছে নেকি? চৰকাৰে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে আদালতত তৎকালে চাৰ্জশ্বীট দাখিলৰ ওপৰত গুৰুত্ব দিব লাগিছিল ৷

ইতিমধ্যে চাৰ্জশ্বীট দাখিল কৰিব নোৱাৰাৰ বাবে দুগৰাকী দ্ৰাগছ সৰবৰাহত অভিযুক্ত ব্যক্তিয়ে আদালতৰ পৰা জামিন পাই মুকলি হৈ গ’ল৷ চৰকাৰে অপৰাধীখিনিক যাতে আদালতৰ জৰিয়তে কঠোৰ শাস্তি দিব পাৰি তাৰ ব্যৱস্থা কৰাৰ সলনি ড্ৰাগছ দাহনৰ নাটক কৰি চমক সৃষ্টিৰ প্ৰয়াস কৰিছে ৷

অসমত গৰু চিণ্ডিকেটত মাহিলী এহেজাৰ কোটি টকাৰ অবৈধ লেনদেন হয় বুলি যোৱা ৪ জুলাইৰ দিনা অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাভাৱে প্ৰকাশ কৰা বক্তব্যটো গুৰুত্বপূৰ্ণ৷ ২০০৬ চনৰ পৰা বৰ্তমানলৈ বিগত ১৫ বছৰৰ অবৈধ গৰু চিণ্ডিকেটৰ উক্ত বেআইনী লেনদেনৰ ন্যায়িক তদন্ত দাবী কৰে লুৰীণ জ্যোতি গগৈয়ে ৷

লগতে পঢ়ক ন স্বপ্ন লৈ টকিঅ’ত ভৰি দিলে লাভলীনাই

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply