প্ৰতিনিধিত্বমূলক ছবি

নিউজ ডেস্ক: বিজেপিৰ বিৰুদ্ধে আঞ্চলিকতাবাদী শক্তিক একগোট কৰি আৰম্ভ কৰা যুঁজ খন এতিয়া প্ৰাৰ্থিত্ব বাচনি কৰাৰ ক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীণ হৈছে ৷ দুয়োটা নতুনকৈ গঠিত ৰাজনৈতিক দলৰ সম্ভাব্য প্ৰাৰ্থীয়ে নিজা নিজা সমষ্টিত অভিযান চলাই আছিল যদিও বৰ্তমান সময়ত দুয়োটা দল একগোট হোৱাৰ ফলত কিছু সমস্যাৰ সন্মুখীণ হৈছে দল দুটাৰ নেতৃত্ব ৷ সোমবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ সভাপতি দুজনৰ মাজত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়৷

এই আলোচনাত আগন্তক নিৰ্বাচনত দুই দলৰ প্ৰাৰ্থী তালিকা সন্দৰ্ভতো আলোচনা হয় অখিল গগৈ আৰু লুৰীণ জ্যোতি গগৈৰ মাজত ৷ বৈঠকৰ অন্তত লুৰিণ জ্যোতি গগৈৰ মন্তব্য,”অচিৰেই প্ৰকাশ পাব মিত্ৰজোঁটৰ প্ৰাৰ্থী তালিকা৷” আজি নিৰ্বাচনী অধিসূচনা জাৰি কৰা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত গৰিষ্ঠসংখ্যক আসনতেই প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে দল দুটাই৷শেহতীয়াকৈ BPF দলে মহাজোটবন্ধনত যোগদান কৰাৰ পিছতে বড়োভূমিত কি হ’ব বুলি সাংবাদিকে কৰা প্ৰশ্নক লৈ AJPৰ সভাপতিগৰাকীৰ মন্তব্য – বড়োভূমিত নতুন নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত হৈছে। অখিল গগৈৰ সৈতে বৈঠকৰ পিছতে ৰাইজৰ দলৰ অন্যতম নেতা ভাস্কো ডি শইকীয়াৰ কয়, বিজেপিক পৰাভূত কৰাৰ লক্ষ্যৰে প্ৰথম পৰ্যায়ত দলটোৱে আগবঢ়াব প্ৰাৰ্থী৷

যিকোনো পৰ্যায়ত বিজেপি পৰাভূত হ’ব পৰাকৈ প্ৰাৰ্থী বাচনি কৰিব৷ অচিৰেই AJP–ৰাইজৰ দলৰ তালিকা প্ৰকাশ পাব৷ অখিল গগৈ আৰু লুৰিণ জ্যোতি গগৈৰ সমষ্টিও অচিৰেই প্ৰকাশ কৰা হ’ব। উল্লেখযোগ্য যে দুই দলৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল৷ কেজৰিৱালৰ আগমনক লৈ ইতিমধ্যে যোগাযোগ অব্যাহত থকা বুলি মন্তব্য লুৰিণজ্যোতি গগৈৰ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply