টীয়ক-নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ১০২নং টীয়ক বিধান সভা সমষ্টিৰ প্ৰতিটো ৰাজনৈতিক দলৰ একাংশ কৰ্মকৰ্তা তথা শুভাকাংক্ষীয়ে স্থানীয় প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদানৰ বাবে বিগত সময়ত দাবী জনাই আহিছে যদিও সাধাৰণ ভোটাৰৰ কথা ভ্ৰূক্ষেপ নকৰি নেতৃত্বই স্থানীয় যোগ্য প্ৰাৰ্থীক অগ্ৰাধিকাৰ নিদিয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ইতিমধ্যে কংগ্ৰেছ,অগপ বিজেপিৰ মিত্ৰজোঁটে প্ৰাৰ্থীৰ তালিকা প্ৰায় চুড়ান্ত কৰিছে যদিও এই তালিকাত অন্তৰ্ভুক্ত কৰা প্ৰাৰ্থী স্থানীয় নোহোৱাত ক্ষোভ প্ৰকাশ কৰিছে সমষ্টিবাসীয়ে।সেয়ে অজাপ আৰু ৰাইজৰ দলক অন্তত: সমষ্টিটোৰ বতাহ পানীৰ লগত জড়িত স্থানীয় যোগ্যজনক অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনাইছে।

উল্লেখযোগ্য যে অজাপৰ টীয়ক বিধানসভা সমষ্টিৰ সমতিয়ে ইতিমধ্যে এই বিষয়ত কেন্দ্ৰীয় নেতৃত্বত অৱগত কৰি পত্ৰ প্ৰেৰণ কৰিছে আৰু স্থানীয় ব্যক্তিক প্ৰাৰ্থীত্ব প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply