সোণাৰি: বৃহৎ নদীবান্ধ প্ৰকল্পৰ বিৰুদ্ধে বহিঃৰাষ্ট্ৰৰ পৰা ধন লৈ দল-সংগঠন সমূহে প্ৰতিবাদ সাব্যস্ত কৰা বুলি কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰ কে সিঙে কৰা মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ।
সংগঠনটোৰ সাধাৰণ সম্পাদক পলাশ চাংমাই এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সংবাদ মাধ্যমৰ আগত। ২০১৪ চনত বিজেপি দল শাসনলৈ অহাৰ আগতে নদীবান্ধৰ বিৰুদ্ধে প্ৰতিবাদ কৰোঁতে বিদেশৰ পৰা পুঁজি লাভ কৰিছিল নেকি বুলি মন্তব্য পলাশ চাংমাইৰ।
আনহাতে, নামনি সোৱণশিৰি নদীবান্ধ প্ৰকল্পৰ বিৰুদ্ধে বিজেপি দলে গেৰুকামুখত প্ৰতিবাদ সাব্যস্ত কৰি শাসনলৈ আহিলে বৃহৎ নদীবান্ধ সমূহ বন্ধ কৰি দিয়া হ’ব বুলি ঘোষণা কৰা পিছত এতিয়া আকৌ সেই নদীবান্ধক বিজেপি দলে সমৰ্থন কৰা কাৰ্যতো তীব্ৰ সমালোচনা কৰিছে AJYCP ৰ নেতাজনে।
ইফালে, নামনি সোৱণশিৰি নদীবান্ধ প্ৰকল্পকে ধৰি জনসাধাৰণ ক্ষতিগ্ৰস্ত হ’ব পৰা বৃহৎ নদীবান্ধ প্ৰকল্প সমূহ বন্ধ কৰাৰ দাবী উত্থাপন কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে।