সোণাৰিঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া ধাৰাসাৰ বৃষ্টিপাতৰ ফলত সৃষ্টি হোৱা বানত ককবকাইছে সাধাৰণ ৰাইজ। ক’ৰবাত যদি হাজাৰ হাজাৰ কৃষিভূমি, শ শ বাসগৃহ পানীত ডুব গৈছে, আন ক’ৰবাত আকৌ ভূমিস্খলন, পাহাৰৰ পৰা বৈ অহা পানীয়ে ধ্বংস কৰি দিছে ৰেল ষ্টেচন। তাৰ মাজতে বৃহৎ নদীবান্ধ প্ৰকল্প বন্ধৰ দাবী উত্থাপন কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে।
শেহতীয়াকৈ নামনি সোৱণশিৰি নদীবান্ধ প্ৰকল্পৰ দুটা ইউনিট উৎপাদনৰ বাবে মুকলি কৰি দিব বিচৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই। জনসাধাৰণৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত নকৰাকৈ নদীবান্ধ প্ৰকল্পৰ জৰিয়তে বিদ্যুৎ উৎপাদন কৰা কাৰ্য সঠিক নহয় বুলিও মন্তব্য কৰিছে পলাশ চাংমাই।
আনহাতে শেহতীয়াকৈ উত্তৰ কাছাৰ পাৰ্বত্য জিলাত সংঘটিত প্ৰকৃতিৰ বিভিষীকাময় পৰিস্থিতিৰ পৰা সকলোৱে শিক্ষা লোৱা উচিত বুলিও মন্তব্য কৰাৰ লগতে যুৱ ছাত্ৰ পৰিষদৰ নেতাগৰাকীয়ে কয়- ‘প্ৰকৃতিক কোনেও ধৰি ৰাখিব নোৱাৰে, প্ৰকৃতি ৰুষ্ট হৈছে। সেয়েহে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলত নিৰ্মাণ কৰিবলৈ যোৱা বৃহৎ নদীবান্ধসমূহ বন্ধ কৰাৰ ব্যৱস্থা কৰিব লাগে।’